পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩. আকন Calotropis procera (Asclepeadaceae) ঘা, ফোহা আদিৰ স্থানত আকন গছৰ পাত মেৰিয়াই বান্ধি থব লাগে। গীহা বৃদ্ধিৰ ৰােগত এই গছৰ খাৰ বনাই দৈৰ পানী (ত)ৰ সৈতে সেৱন কৰিলে উপশম হয়। বিষজনিত ৰােগত বেদনা স্থলত আকনৰ পাত সেকি লগালে বিষ কমি যায়। ২৪. এৰা বাত, বিষ বেমাৰত এৰা গছৰ তেল ১০ ৰপৰা ২০ Ricinus cummunis মি.লি. প্রতিদিলে শােৱাৰ সময়ত খাব লাগে। (Euphorbiceae) পেটত পানী জমা হৈ ফুলিলে এৰা তেল ১০ ৰ পৰা ২০ মি.লি. প্রতিদিনে সেৱন কৰিলে সুফল পায়। কৌষ্ঠকাঠিন্য সমস্যাত কিছু দিন ৰাতি শােৱাৰ আগতে এতেল ১০ ৰ পৰা ২০ মি.লি. আৰু গাখীৰ ১০ ৰ পৰা ২০মি.লি মিহলাই সেৱন কৰিব লাগে। পেটৰ বিষ হলে এৰাগছৰ শিপাৰ পৰা ৬ গ্রাম, ৫০০ মি.লি. পানীৰ লগত কিছুসময় সিজাই পানীখিনি চেকি উলিয়াই খাব লাগে। স্তনপানৰ সময়ত স্তনত ঘা বা টেমুনা হলে এৰাৰ তেল বা পাতৰ লেপ লগালে ভাল হয়। ২৫. সােনাৰু Cassia fistula বহুমূত্র বা মধুমেহ ৰােগত ১০ ৰ পৰা ২০ গ্রাম (Papillionaceae) সােনাৰু গছৰ মজ্জা প্রতিদিনে সেৱন কৰিব পাৰি। ছালৰ যিকোনাে বেমাৰত সােণাৰুৰ পাত থেতেলাই লেপ কৰিব লাগে। সৰু ল'ৰা- ছােৱালী, গৰ্ভৱতী বৃদ্ধ লােকৰ পেটৰ বদহজম আদিত ফুলৰ মজ্জা ১ ৰ পৰা ৪ চামুচ সেৱন কৰিব পাৰি। ২৬. নৰসিংহ Murraya koenigii | ইয়াৰ পাত ৰুচি কাৰক হােৱ হেতুকে বিভিন্ন (Rutaceae) ব্যঞ্জন হিচাপে পৰিবেশন কৰা হয়। যকৃত উত্তেজক হিচাপে ইয়াৰ ৰস ২ ৰ পৰা ৪ চামুচ সেৱন কৰিব পাৰি। ১২৪