পৃষ্ঠা:Su swasthyar aadhar.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জলৌকা অৱস্থাৰণ (জোঁকৰ প্ৰয়ােগ) আয়ুর্বেদিক শল্যশাস্ত্ৰত এক উল্লেখযােগ্য চিকিৎসা হ’ল জলৌকাৱছাৰণ। এই পদ্ধতিত এক বিশেষ প্রকাৰৰ জোঁক ব্যৱহাৰ কৰা হয়। উপযুক্ত স্থানৰ পৰা জোঁক সংগ্রহ কৰি ইয়াক শাস্ত্রোক্ত পদ্ধতিৰে শােধন কৰি লােৱা হয়। তাৰ পিছত ৰােগীৰ ৰােগ অনুয়ায়ী উপযুক্ত স্থানত চিকিৎসকৰ তত্বাৱধানত প্রয়ােগ কৰা হয়। তলত উল্লেখ কৰা ৰােগসমূহত জলৌকা অৱছাৰণৰ বহুল প্রয়ােগ আছে। ১)বিচছিকা (AllergicDermatitis)। ২) জটিল পূৰণি ঘাঁ (Chronic Ulcer) ৩)ব্রণশােথ (Boils)। 8)ofauties (Psoriasis) ৫)শালমইনা (Acne)। ৬) ছায়াটিকা (Sciatica)। ৭) বিভিন্ন গাঠিৰ বিষ (Joint Pain)। ৮) শিৰা ফুলা (Varicose Vein)। ৯) চুলি সৰা (Alopecia)। ১০) তেজ গােটমৰা (Coagulation Disorder) |