পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


মই কেউফালে চাই দেখোঁ তাত মৰা হাতীৰ হাড়-মূৰবোৰ ভৰি পৰি আছে। তেতিয়া মই জানিলোঁ, এইডোখৰেই হাতী পোতা ঠাই। তাৰ পাছত মই মোৰ গৰাকী সদাগৰজনৰ ঘৰৰ ফালে খোজ ল'লোঁ। মই তেতিয়াও জীয়াই আছোঁ বুলি তেওঁ ভবাই নাছিল, কিয়নো তেওঁ সেই উঘলা গছজোপা আৰু মোৰ ধনু-কাঁড় তাত নিজে দেখি আহিছিলগৈ। গতিকে এতিয়া তেওঁ মোক দেখিবলৈ পাই বৰ আচৰিত হ'ল। তেতিয়া তেওঁক মই মোৰ ঘটনাৰ সবিশেষ বিৱৰি জনালোঁ আৰু সেই হাতী পোতা ঠাইলৈ লৈ গ'লোঁ। সদাগৰজনে তেওঁৰ হাতীটো ল'লে আৰু তাতে দুয়ো যিমান পাৰিলোঁ সেই পুতি থোৱা হাতীবোৰৰ দাঁত বুটলি তাত লাদি দিলোঁ। এইদৰেই আমি যিমান পাৰিলোঁ হাতীদাঁত সদাগৰজনৰ ঘৰলৈ কঢ়িয়ালোঁ। তাৰ পাছত আন আন সদাগৰেও এই ঠাইৰ বাতৰি পাই পাৰেমানে হাতী দাঁত কঢ়িয়ালে। সকলো সদাগৰে মোক অশেষ ধন্যবাদ জনালে আৰু নানা বহুমূলীয়া উপহাৰ আৰু অনেক ধন-সম্পত্তি দি মোৰ গৰাকী সদাগৰজনে মোক মোৰ নিজ ঠাইলৈ উলটিবলৈ অনুমতি দিলে। মই এখন জাহাজত তাৰ বহুত হাতী দাঁত আৰু এই সকলোবোৰ বস্তু লৈ নিজ দেশলৈ উলটি আহিলোঁ। তাৰ পাছত মই বেলসৰ পাই মোৰ সেই হাতী দাঁতবোৰ বেচি আশাৰ অতীত ধন পালোঁ আৰু তাৰ পাছত বামেদি বাগদাদলৈ আহিলোঁ। খলিফাৰ গুৰিলৈ গৈ মই তেওঁৰ আদেশ কেনেদৰে পালন কৰিলোঁ, সকলো জনালোঁ। তেওঁ এই সকলোবোৰ কথা সোণৰ আখৰেৰে লিখাই তেওঁৰ ৰাজ কাৰেঙত ৰখালে।

 সিন্দবাদে ক'লে, “এতিয়া মোৰ ভ্ৰমণ কাহিনীবোৰ শেষ কৰি সোধোঁ—“হিন্দ্‌বাদ! ইমান বিপদ-আপদৰ পাছত এতিয়া জীৱনৰ আবেলিত এই শান্তিময় আৰু সুখৰ জীৱন ভোগ কৰাটো জানো মোৰ যুক্তিসঙ্গত হোৱা নাই?”