পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


বস্তু।” তেতিয়া মই সেই যাত্ৰাত বস্তুখিনি বেচি ভালেখিনি ধন- সম্পত্তি লাভ কৰি আনন্দেৰে বাগদাদলৈ উলটিলোঁ।

চতুৰ্থ জলযাত্ৰা

 দেশে-বিদেশে ফুৰি ফুৰিবৰ হেঁপাহ মোৰ অন্তৰলৈ পুনৰ আহিল আৰু ঘৰত থাকি থাকি মোৰ আমুৱালে। মোৰ বস্তু-বাহানি সকলোবোৰ দিহা লগাই থৈ টালি-টোপোলা বান্ধি বামেদি পাৰস্য দেশলৈ গ’লোঁ। তাতে ভালেমান বস্তু কিনি লৈ ভৰাই দি জাহাজত বেলসৰলৈ যাত্ৰা কৰিলোঁ। জাহাজখন অলপ দূৰ গৈয়েই এটা ডাঙৰ শিলত খুন্দা খাই গুড়ি হ’ল। মই আৰু আন কেইজনমান মানুহ সোঁতত উটি গৈ কোনোমতে এটা দ্বীপত লাগিলোঁ।

 অলপ পিছতে ক’লা অসভ্য বন-মানুহ কিছুমান আহি আমাক সিহঁত থকা ঠাইলৈ লৈ গ'ল, আৰু কিছুমান বন-শাক আৰু ঘাঁহ, আমাক খাবলৈ দিলে। শোক আৰু বেজাৰত মোৰ সেইবোৰ একো খাবৰ সত নগ’ল। কিন্তু মোৰ লগৰীয়াকেইজনে পানীৰপৰা উঠি বৰ ভোকত সেই বন-শাক আৰু ঘাঁহবোৰ দকচি খাই পেলালে। তাৰ অলপ পাছতে মই মন কৰিলোঁ, তেওঁলোকে ক্ৰমে নিজৰ জ্ঞান : হেৰুৱালে আৰু পগলা হ’ল। তেতিয়া সেই বন-মানুহকেইটাই কিছুমান চাউল, নাৰিকল আৰু তেল সানি তেওঁলোকক খাবলৈ দিলে। মোৰ দুৰ্ভগীয়া লগৰীয়াহঁতে সেইবোৰো দগৰি খালে। তাৰ পাছত বন-মানুহকেইটাই এটি এটিকৈ তেওঁলোকক দিহা লগালে এই নিয়মেৰেহে হেনো সিহঁতে মানুহ খাই জুতি পায়।

 মোৰ দেহ-মন বৰ বেয়া আছিল দেখি সিহঁতে মোক গতি লগাবৰ মন নকৰিলে। সিহঁতৰ এটা বুঢ়াৰ হাতত মোক এৰি থৈ সিহঁত গুচি গ’ল। সেই বুঢ়াৰ হাতৰপৰা পলাবলৈ মোৰ সৰহপৰ নালাগিল। মানুহকেইটা যি বাটে গৈছিল, মই সেই বাটে নগৈ আন