পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

ততালিকে ওপৰলৈ চাই দেখোঁ,এচপৰা ক’লা ডাৱৰ যেন মোৰ ফাললৈ লৰি আহিছে। মই সেই ফাললৈ চাওঁতে চাওঁতেই সেই ডাৱৰছটা এটা প্ৰকাণ্ড পাখিলগা প্ৰাণীত পৰিণত হ'ল। তাক আৰু চৰাই বুলিব নোৱাৰি। সি ইমান ডাঙৰ যে এটা হাতী পোৱালিও সি ধৰি উৰাই লৈ যাব পাৰে। সি নামি আহি পোনেই সেই বগা ঘূৰণীয়া বস্তুটোৰ ওপৰত পৰিল। তেতিয়া, সেই বগা বস্তুটো তাৰে কণী বুলি মই অনুমান কৰিলোঁ। মই বগুৱা বাই বাই তাৰ ঠেঙৰ ওচৰ পালোঁগৈ। তাৰ এটা ঠেঙেই এজোপা ডাঙৰ গছৰ গুৰিটোৰ সমান হ’ব।

 মই পৰুৱাটো বগোৱাৰ দৰে বগাই গৈ তাৰ ঠেঙত উঠিলোঁ আৰু মোৰ মূৰৰ পাগুৰিটো লাহেকৈ সোলোকাই তাৰ ঠেঙত মেৰিয়াই গাটো আঁটি আঁটি বান্ধি ললোঁ।

 পিছদিনা পুৱা মোক ঠেঙত বান্ধি লৈ চৰাইটো আকাশলৈ উৰা মাৰিলে আৰু সি মোক এই দ্বীপৰ পৰা পৰিত্ৰাণ কৰিলে। সি ইমান ওপৰলৈ গৈছিল যে মই পৃথিৱীখন একেবাৰে চকুৰে নমনা হ'লোঁ। তাৰ পাছত সি আকৌ ছোঁ মাৰি ইমান কোবেৰে তললৈ নামি আহিছিল যে মই তেতিয়াই মূৰ্চ্ছা গৈছিলোঁ। তাৰ পাছত চেতনা পাই দেখোঁ যে মই আকৌ মাটি পালোঁহি। তেতিয়া মই তাৰ ঠেঙৰ পৰা ততালিকে মোৰ বান্ধটো মোকোলাই পেলালোঁ। তাৰ অলপ পাছত চৰাইটোৱে এটা ডাঙৰ অজগৰ ধৰি লৈ উৰা মাৰি গুচি গ'ল।

 মই ইফালে সিফালে চাই দেখোঁ—মই এটা দ ভৈয়ামত আছোঁ। তাৰ দুই দাঁতিৰ পৰ্বতকেইটা ইমান ওখ, যে ওপৰলৈ উঠিবৰ কাৰো সাধ্য নাই। মই দুখ-বেজাৰত বিমোৰ হৈ ইফাল-সিফাল কৰি ফুৰিছোঁ, এনেতে অ'ত ত'ত বৰ ডাঙৰ ভালেমান হীৰা সিঁচৰতি হৈ থকা মোৰ চকুত পৰিল। এই বিষয়ে আনন্দ ওপজাৰ লগে লগে মোৰ ভয়ৰো কাৰণ উদ্ভৱ হ’ল। ডাঙৰ ডাঙৰ সাপবোৰে সিহঁতৰ গাতৰ পৰা মুখ উলিয়াই জুমি আছে।