এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাবনা

অনুবাদ কৰা নাই। সম্ভৱতঃ অনুবাদ কৰিলে বাইবেল আদি গ্ৰন্থৰ বহু দৃস্তান্ত পাঠকে নুবুজিব পাৰে। এই কাৰণে মই ৰাস্কিনৰ ৰচনাৰ সাৰ খিনি মাত্ৰ দিলো। মই কিতাপৰ নামো অনুবাদ কৰা নাই, কাৰণ সেই নামৰ অৰ্থ ইংৰাজী বাইবেল পঢ়োতাইহে বুজিব পাৰে। কিন্তু এইখন লিখাৰ উদ্দেশ্য সকলোৰে কল্যাণ, সকলোৰে (কেৱল অধিকাংশৰ নহয়) উদয়, উৎকৰ্ষ হোৱাৰ কাৰণে মই ইয়াৰ নাম “সৰ্ব্বোদয়” ৰাখিলো।