এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

es শদেৰ। ধাৰী। গলত গলপ সাৰি। উৰে নৱ গুণ পীত উত্তৰী শ্যামল শৰীৰে শোভে অধিক। ময়ুপুচ্ছ যেন চিকমিক। কধুকণ্ঠে শোভে কোস্তুভমণি। প্ৰভাতে উদিত আদিত্যজিনি। পূৰ্ণচন্দ্ৰ কচি মুখমণ্ডল। কৰ্ণত মকৰ দোলে কুণ্ডল। ৰশ্মি জলে গণ্ড পাণ্ডু। ৰুচিৰ চিবুক চাৰু অধৰ। প্ৰৱাল ৰজে যেন কৰে কান্তি। সুন্দৰ দন্ত মুকুতাৰ পান্তি। সদায় মুগুচে ঈষত হাস। নাসা তিলফুল সম প্ৰকাশ। অৰুণ লোচন পঙ্কজ পাসি। ধনুসম আছে জব প্ৰকাশি। বময় কৰে তিলকে কান্তি। কপালে লৰিত অলকা পান্তি। ৰঞ্জে শিৰে বময় মুকুট। চুড়ামণি ৰছে প্ৰকাশে জুট। তাৰ মাজে ৰ পঙ্কজ মালা। উজ্জ্বল মুখ লাগি তাৰ জ্বালা। হেন মনোেহৰ ৰূপ নিক্ষি। থাকিব সমস্ত অঙ্গক দেখি। মন্তকৰপৰা পদ পৰ্যয়ে। নমাইবে মনক দুনাই দেখন্তে। বণ বস্ত্ৰ য পঙ্কজ যাৱে প্ৰদক্ষিণে নমি পৰিব পাৱে॥” কৃষ্ণৰ এনে কবিত্বময় ৰূপৰ বৰ্ণনা পৃথিবীৰ কেইজন কবিয়ে এনেকৈ অলপ কথাৰ ভিতৰতে কৰিব পাৰে? তলত দিয়া যমদূতৰ ভয়ঙ্কৰ অথচ অতি চমু বৰ্ণনা পঢ়িলে ভয়ঙ্কৰ যমদূত আগতে থিয় হৈছে যেন লাগে।-“অনেক অধৰ্ম্ম কৰতে বিপ্ৰৰ আয়ু ভৈল সমাপিত। ভয়ঙ্কৰ তিনি গোটা যমদূত আগে ভৈল উপগত হতে পাশ জৰী, চক্ষু টেৰ কৰি, ঝুলন্তৰ তাৰ জাঙ্গ। কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায়, হাতত লোহাৰ ডাঙ্গ ও ব্ৰাহ্মণক ধৰি, জীৱ বাজ কৰি বান্ধিলেক হাতে তুলি। ভয়ে অজামিলে পুত্ৰক ডাকিলে, আই নাৰায়ণ বুলি৷” হিৰণ্যকশিপুৰ ক্ৰোধ আৰু তপস্যাৰ পেতে