২২২ পুণ্যৰ ফলত তুমি শঙ্কৰৰ লাভ কৰিছা; চাৰ্বা যেন তুমি এই মাণিকক কাচৰ মোলত নেবেচা! চৈতন্যৰ ধৰ্মৰ শীঘ্ৰে অৱনতিৰ আৰু এটা কাৰণ, তেওঁ সেই ধৰ্ম্ম অতি সস্তা কৰিছিল। দুই হাত মেলি তেওঁ যাকে তাকে ধৰ্ম বিলাইছিল, তেহেলৈ সেইজনৰ মনত সেই ধৰ্ম্মৰ প্ৰতি আস্থা থাকক বা নাহাকক। ফলত, তাৰ মূল্য কমি গৈছিল। “বিনা- মূল্যে বিতৰণ কৰা বস্তু সোনকালে অধোগতি প্ৰাপ্ত হয়। মূলীয়া বস্তুকে এনেই বিলাই দিলে সি পাওঁতাজনৰ শ্ৰদ্ধা আকৰ্ষণ নকৰে। খৃষ্টধৰ্ম প্ৰচাৰকসকলে চাৰিআলিৰ মুৰত বিলোৱা বাই- বোল কিতাপ আৰু উপদেশ এশজনৰ ভিতৰত এজনেও পঢ়ে আৰু শ্ৰদ্ধা কৰি শুনে বুলি অমাৰ বিশ্বাস নহয। “মাৰিলে মাৰিলে কলসীৰ কাণা, তা বলিয়ে কি প্ৰেম দিব না এই বুলি চৈতন্য- দেৱে জগাই মাধাইক প্ৰেম দিয়াটো অতি ওখ খাপৰ উদাৰতা আৰু প্ৰেম যে তাৰ ভূল নাই; কিন্তু তাৰ আৰু এটা পিঠি তাছে, যত, “এনে ধৰ্ম্ম এনে প্ৰেম, এই বিষয়-বিষে জৰ্জৰিত matter-of- fact সংসাৰত নিৰ্ম্মলভাৱে সৰহ দিন নিটিকে,” এই বুলি অস্পষ্ট 'আখৰেৰে লেখা আছে। শঙ্কৰদেৱে যদিও সকলোৰে মাজত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু সকলোৱে তাক ঢুকি পোৱা, বুদিপোৰা কৰিছিল, তথাপি তাক অতি সস্তা নকৰিছিল; নিয়ম-কাৰোণ সদাচাৰ সাধুজীৱনৰ বান্ধেৰে তাক ভালকৈ বান্ধি হে তেওঁ বিলাই- আৰু যত তাৰ আগ্ৰহ নাই, যত তাৰ মোল বুজিবপৰা ক্ষমতা নাই তেনে অথত তাক তেওঁ কেতিয়াও নেপেলাইছিল। চৈতন্যদেৱে সাৰোগত কৰি লোৱা উদাৰ দানৰ ভাব যে তেওঁৰ
পৃষ্ঠা:Sankardev.djvu/২২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Sankardev.djvu/page224-1018px-Sankardev.djvu.jpg)