২২০ শকদেৰ। আছিল; পিছত ভকতজনৰ হৈ আনে অনেক কাকুতি মিনতি কৰি ক্ষমা প্ৰাৰ্থনা কৰিলত হে শঙ্কৰে তেওঁৰ দোষ ক্ষমা কৰিছিল। এনেকুৱা অনেক উদাহৰণ আছে। শঙ্কৰদেৱৰ ধৰ্মৰ এনেবোৰ কটকটীয়া বান্ধ, আৰু সি সুগঠিত দেখি মহাপুৰুষীয়া ধৰ্ম্ম আজি- লৈকে আসমত সতেজ সবল হৈ আছে, তাৰ কোনো বিশেষ অৱনতি ঘটা নাই। চৈতন্য ধম্ম প্ৰচাৰৰ প্ৰণালীত সত্ৰ সভা পাতি সদাচাৰৰ কটকটীয়া নিয়ম প্ৰচলিত নাই দেখি তেওঁৰ পিছৰেপৰাই তাৰ লাহে লাহে অবনতি ঘটি সি ঘাইকৈ “নেড়া নেড়ীৰ দলৰ” আৰু জাত হেৰুৱা বোষ্টম” ইতৰ লোকৰ ধৰ্ম্ম হৈ পৰিল। চৈতন্য নিজৰ ভাবতে বিভোৰ; তেওঁ কল্পনাত কৃষ্ণসঙ্গজনিত প্ৰেম-সুখৰ সাৱাদ লৈয়েই আৰু লোকৰ আৰু শিষ্যৰ মুখত কৃষ্ণনাম শুনিয়েই সময় কটাইছিল; ভবিষ্যতৰ চিন্তা অৰ্থাৎ ভষ্যিত তেওঁৰ ধৰ্ম্ম আৰু সম্প্ৰদায় টি কবৰু চিন্তাই তেওঁৰ মন অধিকাৰ নকৰিছি। সেইদেখি তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ এনে দুদ্দশা। ধৰ্ম প্ৰচাৰক শঙ্কৰদেৱ “বি” (Reformer; ধৰ্ম্মসংস্কাৰক কিন্তু “প্ৰেৰ টি- কল ৰিফৰ্ম্মৰ” (Practical reformer, তাৰ্থাৎ দেশ কান পাত্ৰ তাৰু ভবিষ্যত ভাব চলা ধৰ্ম্মস্কাৰক ধম্মপ্ৰচাৰক চৈত্থদেৰ “ৰিফৰ্মকৰ” কিন্তু প্ৰেটিকেল” তথাৎ ওপৰত কোৱাটোৰ ওলোটো; আৰু ঘাইকৈ তেওঁ “ড্ৰম” (dreamer) অৰ্থাৎ ভাবাবেশৰপৰা হোৱ সপোনত কাল কটোৱা লোক আছিল। উন্মাদ বাতুল নিজেহে উন্মাদ বাতুল হয়, তেওঁলোকক উন্মাদ বাতুল কৰিব নোৱাৰে; আৰু কৰিলেও লোকৰ সেই বাতুলতা চিৰস্থায়ী নহয়। কৃষ্ণপ্ৰেমত উন্মাদ বাতুল চৈতন্যদেৱৰ ধৰ্ম্ম-
পৃষ্ঠা:Sankardev.djvu/২২২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Sankardev.djvu/page222-1018px-Sankardev.djvu.jpg)