এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ শঙ্কৰদেৱ। তেওঁ তাত বেচিকৈ হেচা দি ৰজা প্ৰজা সকলোৰে খং-জুই জ্বালাই, তেওঁৰ জীৱনৰ মহাব্ৰত বৈষ্ণবধৰ্ম প্ৰচাৰৰ বাটত দুৰ্ঘোৰ বিঘিনি জন্মোৱাটো উচিত ভবা নাছিল। প্ৰতিমা-পূজাতো যদিৰ তেওঁ বিশ্বাস নকৰিছিল, তথাপি দেশীয় ৰজাৰ ক্ৰোধ উদ্ৰেক, আৰু বন্ধু বান্ধৱ জ্ঞাতি কুটুম্বসকলৰ আৰু ব্ৰাহ্মণসকলকে আদি কৰি সৰ্বসাধা- ৰণৰ বিদ্বেষ-বহ্নি উদ্ৰেক নকৰিবলৈ জগন্নাথৰ মূৰ্ত্তি, আৰু তেওঁৰ মতাৱলম্বী আন সত্ৰবোৰতো কৃষ্ণৰ আন আন মূৰ্তি আন্ত- ৰিক অনিচ্ছাস্বত্ত্বেও স্থাপনা কৰি ৰখা হৈছিল। শঙ্কৰদেৱে জানি- ছিল যে দেশীয় ৰজাৰ আৰু লোকৰ বিদ্বেষ-অনল প্ৰজ্বলিত কৰিলে আৰু কাল পাত্ৰ বুজি নচলিলে আচল উদ্দেশ্য ঈশ্বৰৰ উপাসনা আৰু ভক্তিমূলক বৈষ্ণবধৰ্ম প্ৰচাৰত ভয়ানক ব্যাঘাত ঘটিব। সেইদেখি নৰনাৰায়ণ ৰজাৰ সভাত ব্ৰহ্মণসকলে গঙ্গ। তুলসী ইত্যাদি তেওঁ নামানে বুলি তেওঁৰ ওপৰত অভিযোগে উপস্থিত কৰিলত তেওঁ নিজৰ মূৰৰ শিখৰ ভিতৰৰ ৰা তুলসীৰ নিম্মালি উলিয়াই দেখুৱাইহিল আৰু নিজে গঙ্গাস্নান কৰিবলৈ যোৱাৰ কথা কৈ তেওঁলোকৰ কথাৰ খণ্ডন কৰিছিল। বাস্ত- বিকতে তেওঁ এবাৰ শ্ৰাদ্ধ, মূৰ্তিপূজা আৰু ব্ৰাহ্মণৰ বাৰাই দেশ মনুষ্যৰ মুখে আছ তাহাক ঢাকিয়া। পুছিলন্ত ইন্দ্ৰে আতি দেখি বিপৰীত। অতো কৰি কোন বস্তু আছে বিপৰীত। চণ্ডালিনী বোলে ইন্দ্ৰ কথা নতু ৰজা। হৰি বিনে যিটো কৰে আন দেবপূজা। তাৰ চৰণৰ ধূলি পৰিবাৰ ডৰে। জানি আনি দিলে। আমি ঢাকন ও পৰে। হেৰ শুনি ইচ্ছে তাই বচনে সাৰি। থে চৰি লৰি গৈলা অপোন নগৰী"-দেবৰ দশম।