এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ আধ্যা। > মাধৱদেৱে বৰ্ণোৱাৰ নিচিনা–সদায় “গহীন গম্ভীৰ ধীৰ ধীমতি।” এই কথাৰপৰা কোনেও যেন নাভাবে, শঙ্কৰৰ কৃষ্ণপ্ৰেম কম আৰু চৈতন্যৰ বেছি ওৰত কৈ আহিছে যে শঙ্কৰৰ প্ৰেম সুশৃঙ্খল, চৈতন্যৰ প্ৰেম উচ্ছল। দুই সনৰ স্বভাৱ অনুসৰি এই প্ৰভেদ। তাৰু এটা কথা, শঙ্কৰ অসমীয়া, চৈতা বঙ্গালী। অসমীয়াৰ চানেকী শঙ্কৰ, বঙ্গালীৰ চানেকী চৈতন্য অসমীয়া জাতি স্বভ - বতে “চোটমেণ্টল” (Sentimental অৰ্থাৎ অতিৰিক্ত ভাবপ্ৰবণ নহয আৰু 'excitable) উত্তেজনীয় নহ অসমীয়া ৰিজৰ্ভ” (reserve) অৰ্থাৎ সংযত, বহালীজাতি স্বভাৱতে উত্তেজনীয় «ৰু অতিৰিক্ত ভাবপ্ৰবণ। অল ৩ বঙ্গালীৰ চকুৰপৰা পানী ওলায , অলপতে তেওঁ কৃতজ্ঞ হয়, অলাত নচানচি কৰে, অলপতে খঙত উতলে, ১মত গদ গদ হয়, ঘৃণাত জৰ্জৰিত হয়, আত্মসংযম পাহৰি যায়। যি বস্তু বেগেতে তপত হয়, সেই বেগেতে চেঁচাও হয়। সেইদেখি এষাৰ মিঠা মাতত, এটা মৰমৰ কায্যতেই বঙ্গালী পমি পানী হ্য। ভাবপ্ৰবণ (Sentimental। মানুহৰ স্বভাৱেই এনে। বঙ্গাণীজাতিৰ স্বভাৱ বঙ্গালীৰ প্ৰতিনিধি বঙ্গালী ধম্মপ্ৰচাৰক চৈতন্য দেৱৰ গাত যে সম্পূৰ্ণৰূপে থাকিব আৰু তেওঁৰ প্ৰচাৰিত ধম্মত তাৰ আতিশয্য প্ৰকাশ পাব তাত আশ্চৰ্য্য কি? চৈতন্যদেৱৰ প্ৰতি শঙ্কৰদেৱ আকৃষ্ট নোহোৱাৰ ইও এটা ঘাই কাৰণ। চৈতন্যৰ ধৰ্মৰত অতিৰিক্ত ভাবপ্ৰবণতা, অসংযত আৰু “অপ্ৰেটিকেল” অৰ্থাৎ কপ্লনাভুয়িষ্ঠ, কিন্তু ফলোপধায়ক নোহোৱা কাৰ্য, দেশ কাল পাত্ৰৰ প্ৰতি কৰ দৃষ্টি, অদূৰদৰ্শিতা, ইত্যাদিয়ে A