২৪ সমস্ত ধৰ ধৰ। কৰন্ত শঙ্কৰদেৱে চাই। মাধৱে মন্দিৰা থৈল। হাতৰ খসাই। ভালেখিনি ভৈল অগনিত পৰিছ। কততক্ষণে মাধৱে ধৰি তুলিল।” আৰু এদিন,- “আনন্দে শঙ্কৰদেৱ থাক সাক্ষাত। মিলে জানা আনন্দ অপৰিমিত তাত। প্ৰেমানন্দ সাগৰত মজি থাকৈ লোক। একদিন যেন ভৈল তাক শুনিয়োক। কংসবধ ঘোষা ৰামৰম গুৰু গান্ত। সেহি সময়ত প্ৰেম উপজিল তান্ত। অম্বষ্ঠ সহিতে কুবলয় হাতী মাৰি। ভৈলা বঙ্গশালাত প্ৰবেশ ৰাম হৰি। কান্ধত হস্তীৰ শিশুগণ সঙ্গে। ওহি পদ ৰামৰম গুৰু গাওঁ ৰঙ্গে। লোক প্ৰেম পৰশি আছয়। তান গাৱে চেতম গিয়ান নাহিক। প্ৰেমানন্দ সমুদ্ৰত মজিল সমূলি। কান্ধত লৈলন্ত এক গোট স্তম্ভ তুলি। স্বভাবে বহিবে দুই মুনিষে পায়। আৰে গোৰ পুতি ঘৰে লগায়া আছয়। এক ঠেলা মাৰি তাক দুই হাতে ধৰি। কৌতুকে কান্ধত লৈয়া যেন হস্তী দান্ত কান্ধে লৈয়া ৰাম হৰি। ৰঙ্গশালা বঙ্গশালা প্ৰবেশ ভৈলন্ত লীলা কৰি। সেহিমতে ৰামৰম গুৰু চলি যন্ত। সব লোক ভয় জানো গাৱত পেলান্ত। আথেবেথে মাধৱদেৱে গৈ ধৰিলস্ত। কান্ধৰ নমায় কতো দূৰত থৈলস্ত।” --দৈত্যাৰি। দুইৰৰ ধৰ্ম্মৰ এই বিভিন্নতাৰ মানে,-শঙ্কৰদেৱ স্বভাৱতে ধীৰ আৰু গম্ভীৰ; চৈতন্যদেৱ স্বভাৱতে চঞ্চল আৰু Excitable অৰ্থাৎ অলপতে উত্তেজিত হৈ উঠা স্বভাৱৰ। কাৰণ, চেঙেলীয়া ডেকা অস্থিৰ চঞ্চল নিমায়েই তো আদহী চৈতন্যদেৱ। যান্ত লীলা কৰি।
পৃষ্ঠা:Sankardev.djvu/২১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Sankardev.djvu/page216-1018px-Sankardev.djvu.jpg)