সৰামীনৰ আত্মজীम সেই সময় বৰপেৰা এটা মাৰল ঘৰতে আছিল ৷ তাৰ ভিতৰত কঠালৰ পেৰা এটাত নগদ ৮০০ টাকা থৈছিলোঁ । এবং উজনীয়া ব্রাহ্মণ একজন আমাৰ গোসাঞী ধোৱাই আছিল। তেওঁ দুই তিন (দিন) অঞ্চৰে, আটাগুৰি ধৃতাদি আমি আপুনি খায়, ও অন্যান্য ব্রাহ্মণকো ধোৱায়। তাকে দেখি গোবিন্দ শৰ্ম্মা ব্ৰাহ্মণে, আত তাত কৈ ফুৰে, “ই বামোণে ক'ত ধন পাইছে, দুই তিন (দিন) অন্তৰে ৰুটি পুৰি খায় ও খোৱায়। কিজানি আমাৰ ডাঙ্গৰীয়া ঘৰৰে কেনেবাকৈ টাকা পালে।” এই কথা মৰঙ্গীয়াল ভকতে শুনি, বৰপেৰা মেলি চাবৰ, মাতৃক, কেইবা দিলো কোৱাত, একদিন চাই যে বৰপেৰা মোকলি ও তাৰ ভিতৰৰ কঠালৰ পেৰাটো, কাখত কটা, এবং টাকা-কড়ি একো নাই, সকলখিনি নিছে। তদপৰ মোৰ বিবেচনা হল, আঠগঞা বৈদক কালি থৈ আহিছে। তেৱে টাকা নিছে, অন্য নহে। এইবুলি তেতিয়াই, হাতীসহিত গৌৰীকান্ত আৰে৷ জীউৰামকো পঠালো যে, “আঠগঞা বৈদক ধৰি শীঘ্ৰে লৈ আহ।” এই কহি প্রাতসে পঠাই দিলোঁ ৷৷ ১৫৫ ৷ সেইদিনা মঞি গোহাটী যোৱা মাই । ভাত খাই উঠি চৰাঘৰতে থিয়া খি কৰি মনত উদ্বিঘ্ন চিত্তে আছো। তিন প্ৰহৰমান হৈছে, এনেতে শুনিলো যে গৌৰীকান্তে আঠগঞা বৈদক ধৰি লৈ আহিছে । ইতমধ্যে চৰাঘৰে উপস্থিত কৰি কলে যে প্রথমেই আঠগঞা বৈদৰ ঘৰত উপস্থিত হৈ আঠগঞা বৈদক বিচাৰ কৰাত, তাৰ ককায়েক হাজিৰ হৈ, তেওঁ নাই, গাঞ ফুৰিব গৈছে, এতিয়া আহিব । পাচে “আমাৰ ঘৰৰ টাকা চোৰ কৰি ভায়েৰে আনিছে” বুলি ধমক দিয়াতে তেওঁ কলে, “মোৰ ভাই দেওলগা ধন মাটিৰ তলৰ পৰা তোলি আনি মোক দিছে।” এইবুলি ধৰাহি এটা সহিতে কয়েক টাকা দিছে। 89 উকাচোৰ চোৰ ধৰ।
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই