অচেতন হৈ পৰিল । বিলাহীয়ে মাটাহ পাৰিব ধৰিলে ৷ মঞি উঠা নাই ; মানুহৰে৷ হঠাৎ এনে নৰিয়া হয়নে ৷ তদপৰ মাতৃয়ে আটাহ পাৰিব ধৰাত উঠি হাত চাওঁ যে কেবল অচেতন ও নাড়িয়ো কিছো ব্যতিক্রম হেন পালোঁ । এনেতে গৌৰীকান্ত উপস্থিত হৈ ধৰাধৰি কৰি মৰিল ঘৰে আনিলে । তেতিয়া প্রায় নিশা দুগ্ৰহৰ মান হৈছিল । তেতিয়াই ৰুদ্ৰেশ্বৰৰ পৰা জেষ্ট গোপীকান্ত ও ক'লীয়া কানাইক নিবৰ মানুহ পঠালোঁ ৷৷ ১৪৫ ॥ তদপৰ তেওঁলোক সেই ৰাতিতে উপস্থিত হৈ ভৌতিকৰ ক্ৰিয়া কৰি চাওঁ বুলি চতুর্মুখ ও ৰসসেন্দুৰ মিছিৰী পানী সহিত মাৰি কটাৰীৰে মুখ মেলি খোৱাৰ ধৰাত, কেতিয়াবা এইমাত্র কয়.—“মোক পোৰে” পুনৰ অচেতন হয়। এইদৰে থাকোতে ৰাতি পোৱাল। পৰে নানা স্থানৰ পৰা বৈছা ও নিদানী ঔষধ আনি খুৱাব ধৰাত ক্ৰমে মাখ মাহ পালে। তথাপি শয্যাগত মুগুচিল || ১৪৬ ৷ পূৰ্ব্বপাৰ পৰগণাৰ আঠগঞা বৈদৰ নাম শুনি তেওঁকে আনি চিকিৎসা কৰাতে চৈত্র মাহে সন্ধ্যাৰ পৰা মানুহৰ হাতত ধৰি উঠিব পৰা হল। শৰীৰ অত্যন্ত কৃশতা হৈছিল ৷৷ ১৪৭ ৷৷ আৰো এই সনৰ আশ্বিন মাহৰ ১০ দিন যোৱাৰ পৰা ১৩ দিন পর্যন্ত শ্রী শ্রীকামাখ্যা ঠাকুৰাণীৰ পীঠত স্ত্ৰীৰ ক্ৰন্দন হৈছিল ॥ ১৪৮ ও এই সনৰ পৌষ মাহত ১৮৪৫ ইংরেজীৰ ডিগম্বৰ মাহত উমানন্দৰ দক্ষিণে গোহাটীত পাৰ। গীৰ্জ্জাঘৰ এটা তৈয়াৰ কৰি উলিয়ায় ॥ ১৪৯। আৰো ঐ মনৰ শ্ৰাবাৰ ২৩ দিন যোৱাত ৰাত্ৰি ভূঁইকম্প হৈ, উমানন্দ ও কামাখ্যা ও দ্ৰেশ্বৰ ও শুক্ৰেশ্বৰ দেৱালয়ৰ মঠ ভগ্ন হয় । তাৰপৰা তিনদিনতক ২৫টা ভূবঃকম্প হয় । ১৫০ বৰঘৈণী কিছু আৰাম কামাখ্যাত গোহাটীত পাকা গীৰ্জাঘৰ ভূবঃকম্প
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই