পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8° প্রথম দুহিতৃ জন্ম মঞি আচালতন ৰোধকাৰ আচাপতন পেচ কাৰ কৃষ্ণৰাম চোদাৰ গোলাম- বান্দী খালাচ সদৰামীনৰ আত্মজীৱনী দোলাৰে পঠাওঁ। কিন্তু তেওঁ লৰামানুহ হেতু, আমাৰ পুৰুহিত কামুৰাম শৰ্ম্মাকে দেৱলীয়া চৌধাৰী হুজুৰে (১) এতালা (২) দি মকৰৰ কৰি দিলোঁ ৷ ১২০ ॥ এই সনৰ বৈশাগ মাহে আমাৰ প্ৰথম দুহিতৃ এটী নদীৰ কাখৰ মাটিত জন্ম হয়। নামাকৰণ কৰণে বসন্তকালত জন্মহেতু বসন্তী নাম হয়। অর্থাৎ আহ্লাদিত হৈ বসন্তী নাম দিয়া গল ৷ ১২১ ॥ তদপৰ ১৮৪৪ ইংৰেৰ্জীৰ ১ জুলাই আমাকে ডালটীন সাহেব আচালতন ৰোধকাৰী নবীচ, ২২ টাকাত মকবৰ কৰে ৷৷ ১২২ ৷৷ ঐ ১৮৪৪ ইংৰেঞ্জীৰ ৫ আক্টবৰ আচালতন পেচকাৰ ৪০ টাকাত মকৰৰ কৰে ৷ ১২৩ ৷ আৰু কৃষ্ণৰাম বৰুৱা কমিচনাতি ১৫ টাকাত পঞ্চায়ত আছিল। তাৰেপৰা আহি ডালটন সাহেবৰ আমলে ফৌজ- দাৰীৰ চেৰস্তাদাৰ ৬০ টাকাত মকৰৰ হয় ৷৷ ১২৪ ॥ এবং এইসনৰ আশ্বিন মাহে দেবদত্ত বৰদলৈৰ জীয়েক শ্রীতিলমতীক গোপীকান্ত বৰুৱাই বিবাহ কৰাৰ জন্য ধৰে ৷৷ ১২৫ ৷৷ আৰু গোলাম-বান্দীসকল থানাচ দিবৰ ১৮৪২ সনে আইন হোৱা বুলি ফৌজদাৰীৰ পৰা খালাচ দিবৰ ধৰিলে। এই কৰ্ম্মত জান্‌টলৰ জুনিয়ৰ সাহেৰ বৰ উৎযোগী, ও ৰাধানাথ কটকী ফৌজাদাৰীৰ মহৰিৰ, এতৎ কৰ্ম্মে বৰ ৰাগী আছিল । দৰখাস্ত লিখাই কয়েদ ৰাখা বুলি দৰখাস্ত দিয়া মাত্ৰে খালাচেৰ হুকুম জাৰি কৰে ৷ আৰো এক একখানি খালাচৰ কয়চলা দিবৰো নিয়ম হৈ, দিছিল । এহাতে গোটেই কামৰূপ ও আসাম দেশত হাহাকাৰ হ'ল । ১২৬ তদপৰ কামৰূপৰ সকল মহস্ত ও ব্রাহ্মণ একত্ৰ হৈ অযুত টোকা—(1) হুজুৰে যানুজনৰ ঠাইত । (২) এত্যালা—এত লা ডাঙৰ লোকলৈ সম্বাদ । আচাপতন - মিগাজী।