বাদ্ৰেশ্বৰৰ পৰা উঠিবৰ উত্তম নদীকাখৰৰ মাটিলোৱা নদীৰ বিমাৰে ঘৰ কৰা সদৰামীনৰ আজীৱন ৰূদ্ৰেশ্বৰৰ গড়ৰ পশ্চিমে থাকাতে চোতাল বৰঘৰৰ ভেঁটি তল ষোৱাতে, আমি ও জেষ্ট গোপীকান্ত ও কলীয়া কানাই ও চানা ওৰফে কল্পনাথ বৰদলৈ প্ৰভিতি সকলো বৰ বিৰক্ত হৈ, তাৰপৰা উঠি নদী অথচ ব্ৰহ্মপুত্ৰ কিনাৰত, ঘৰ সাজিবৰ যুক্তি হোৱাতে, প্রথম মাজুজনা গোসাঞীৰ পাচ কালৰ পৰ্ববতৰ পশ্চিম ভূঁই মাটিৰ পৰা আহি, ওখ ঠাই ডোখৰত হাবি কটা গ'ল ৷ তাতে পৰ্ব্বতৰ নখ বুলি কতো কতো লোকে আশঙ্কা দেখোৱাত, বৰ পুখুৰীৰ পূৰফালে হাবি কটা গৈছিল ৷ তাতো পৰীক্ষিত পুখুৰীৰ কাখত ঘৰ কৰা ভাল নহয় বুলি লোকজনে মানা কৰাত, তাকো এৰি, অশ্বক্ৰান্তৰ নিকট মোৰ পাট্টাকৈ লোৱা মাটিৰ হাবি কাটি ঠাই সাফ, কৰি, একজোৰা কমাৰো আনি দা-কুঠাৰ কৰান গৈছিল। কিন্তু তাতো ব্ৰহ্মপুত্ৰৰ হেচা পৰে বুলি মৰঙ্গীয়াল ভকত ৺মাতৃ মানা কৰাতে, অৱশেষে মাজুজনা গোসাঞীৰ পশ্চিম মটীয়াৰ দক্ষিণ নদীৰ কিনাৰে হাবি মাটি পছন্দ হ'ল । কিন্তু কৃষ্ণৰাম ভণ্ডাৰ বৰুৱা বাটকে সীমা কৰি জঙ্গল পাট্টা কৰি লোৱা হেতু তেওঁকে, স্বত্ত্ব ত্যাগ কৰি, মৌৰশী পাট্টা কৰি দিবৰ ধৰাত, তেওঁ সন্মত হৈ একখন সাধা কাগজত লিখি দিলে। পাচে হাবি কাটি ঠাই সমান হেন নেদেখি, আৰু টিলাৰ নখঃ হেন দেখি, কিছো ঠেলি, পশ্চিমৰ ফালে ঘৰ কৰিলোঁ। জেষ্ট গোপীকান্ত পূৰত, মোৰ কাখতে কলীয়া কানাই ও অনাদৰ মাতুলক ও দয়া বেথাইক ঘৰ কৰিব দিলোঁ । ও হলকান্ত কৃষ্ণ ৰাম বৰুৱাৰ পূবে ও কল্পনাথ পশ্চিমে হাবি কাটি ঘৰ কৰিলে । ও টোকৰ শৰ্ম্মা ৰতিকান্তৰ ঘৰত আছিল । তাৰপৰা খেদাতে নদীৰ কিনাৰ হলকান্তৰ ওচৰ আহত গছৰ কাৰতে ধৰ কৰি, আহিল। আমিও আঘোণ মাহে উঠি আহি অথচ ৰদ্ৰেশ্বৰৰ পৰা আহি, ঐ নদীৰ কিমাৰে ঘৰ ললো । ১১৫ তাপৰ নগাঞৰ পৰা বিপি সাহেৰ আহি কালেক্টৰ চা
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই