perates আজী অবশেষে মকদ্দমা কৰি গোহাটীত থকাতে হাইজা বেমাৰ হৈ মৰিলত, কয়েদীয়ে শগুনঠুটি বালিত পেলাওতে তাতে শগুনে খালে । ১০২ তদপৰ ১৮৪১ ইংৰেজীৰ ১৮ ডিচাম্বৰ, ২২২ টাকাত মোৰ একটীং ৰোবকাৰী নবীচ উইমেষ সাহেব মকৰৰ কৰিলে । এবং শীতকালে তেহোঁৰ সঙ্গে মপম্বল গলোঁ। ও তেওঁৰ সঙ্গে মেমো গৈছিল ৷৷ ১০৩ ৷ এবং মপাল ভ্রমণ কৰি উইমেষ সাহেব থানা বৈদ্যগড় পোৱা গ'ল। ইতিমধ্যে মিথি সাহেব ডেপুটী কমিচনৰ কতেক চিপাহী সহিত বৈদ্যগড় পাশে, এবং শ্রুত হ'ল বাসা দুৱাৰ ভোটৰ পৰ্ব্বতৰ কিনাৰ প্ৰযন্ত ইংরেজীয়ে দখল কৰিব । পৰদিন সাহেব আমলাগণ সহিত, মঞি যাই তামোলপুৰত থকা গ'ল ৷ চিপাহীয়ে ৰাত্ৰি বেঢ়ি আছিল ॥ ১০৪ ७ মঞি একটাং নবীচ, ভোটৰ বাসা ছয়াৰ দখল হেতু যোৱা দখम তদপৰ অথচ ফেব্ৰুৱাৰী-ফাল্গুন মাহে ইস্তাহাৰ জাৰি কৰিলে যে, বাসা দুৱাৰসকল ভোটৰ পৰ্ববত পৰ্য্যন্ত ইংৰেজীৰ দখল । আগত সন হৈতে পেয়াল মূৰত খাজানা দিব লাগিব । আৰু ইয়াৰসকল ভোটৰ বিষয়া ভোলানাথ তালুকদাৰক আনি সৰকাৰেৰ দখলে দুৱাৰসকল আছিল বুলি, চমজাই দিলে । আৰু তালুকদাৰৰ মুখে সকল কথা সুধি ললে। এবং যি যি ভোট নামদানিত আছিল, ইংরেজীৰ দখল হোৱা শুনি সেইসকল পৰ্ব্বত উঠি গল । ১০৫ তামোলপুৰতে ৩ দিন মান থাকি তাৰপৰ হাউলী থকা গ'ল ৷ তাতে ২ দিন থাকি কুঞষী বাতা নামে, প্রায় পৰ্ব্বতৰ 'ওচৰত উৰ ঠাইত থকা গ'ল। তাতে কিল্লা কৰিষৰ উপক্রম হ'ল । এবং ডিপুটা কমিচনৰ সাহেবৰ লগত ৰমাকান্ত দৌৰাৰ চেৰস্তাৰ হৈ গৈছিল। তদপৰ ভোটৰ সহিত কোন গোলমাল মহল। কুঞনী খাতাৰ কিল্লায় চিপাহী ৰাখি সকলো গোছাটা 'ল । ১০৬ খাতা ইংৰাজৰ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই