१ ধৰিলে, ও কোলাহল হল । এনেতে প্রধান প্রধান ভকত সকলে সকল লোকক শান্তনা কৰি কলে, ঈশ্বৰৰ আজ্ঞাত লোকসফল তাৰিখৰ নিমিত্তে আহিছিল । এতিয়া ইচ্ছা ও সময় হল, গ'ল । তোমালোকে কিছু খেদ কৰা, পৰস্পৰ এইমত হৈ গৈছে। ইয়াত খেদ কৰাৰ কি কাম। এইমত কৈ শান্ত্বনা কৰি, সেই পূর্ণিমা দিনা তেতিয়াই নাৱত তোদি ৰা্যভাণ্ড সহিত আমি প্রভিতি লোক সকল ও ডেকা দুইজনাও একত্রে আছি, অশ্বক্ৰান্ত তীৰ্থত আৰ-কাপুৰ তৰি অগ্নি কৰ্ম্ম কৰিলে । সন্ধ্যাৰ পৰ, সকল স্ব স্ব স্থানে গল ৷ ৭৬ | পৰে ৩ দিনত শ্ৰীশ্ৰীদত্তদেব অধিকাৰ গোসাঞীয়ে কৰ্ম্মকৰি ৩৷৪৷৫৷৬ টকা ৰাজাহৰী টাকা দক্ষিণা দিলে। আষালোকে ভকত সকলক জিজ্ঞাসা কৰাতে, আপন গোত্ৰ লৈ নহা হেতু তিন দিনত কৰ্ম্ম কৰা প্ৰকাশ কৰিলে ৷ १৭ ॥ অশ্বক্রাষত অগ্নিকৰ্ম্ম কৰ্ম্ম ও দক্ষিণা তদপৰ দক্ষিণা লবলৈ, অথচ গুৰু ঘৰৰ দক্ষিণা, কাকতী, কটকী, দলৈ সকলে ওজৰ কৰাত, গোসাঞী ও ভকত সকলে দক্ষিণা কিয় কৈছিল যে, আউনীআটীয়া গোসাঞীৰ জগত জুৰি শিষ্য আছে। সেই সকলে দক্ষিণা নললে, কোনে লব ?” এনে কোৱাতে, দক্ষিণা লক্ষে ৷ ৭৮ ॥ সেইদিনা মঞি ও গৌৰীকান্ত ও অন্য মানুহ সহিত, সন্ধ্যা সময় পাৰহৈ, অশ্বক্ৰান্তৰ ব্ৰহ্মকুণ্ডত, নাও চাপিল ৷ তাৰে পৰা উজাই ব্ৰহ্মকুণ্ড পোৱাতে এনে সুঘ্রাণ ও আমোদিত হল যে, কি আতৰ, কি চন্দন, কি আগৰ, কোনেও নির্ণয় কৰিব নোৱাৰিলে ৷ গোটেইখন পৰ্ব্বত সুঘ্রাণ হৈ আছে। ক্রমে অগ্নিকৰ্ম্ম কৰা স্থানত দেখা গল ধধম্ কৰি অগ্নি জ্বলি আছে। তেতিয়াই মঞি ও অনন্য সকলে নাৱৰ পৰাই, সেই অগ্নি চাই সেৱা কৰা হ'ল । তাপৰ আহি ৰামকুগু পোৱাত, সেই আমোদিত মুজাণ গুচিল । ৭৯ দোয়া হল আশ্চর্য্য বিষয়
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই