পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীমৰ আত্ম সৰকাৰৰ সকল কৰ্ম্ম চলাই থাকিম।” এইকথা সাহেবত কলোঁ ৷ এবং দেওবৰ বৰদলৈও সেই মতে কলে । তাতে সাহেৰ সন্মত হৈ দৰখাস্ত দিব দিয়াত কাছাৰী যাই দরখাস্ত দিলো এবং গৌৰীকান্ত নামে হাজে। পৰগণা বন্দবস্ত-কৰ্ম্ম, চলাবৰ কাৰণে মঞি সৰবৰাহকাৰ মকৰৰ হলোঁ । সেই সময় গৌৰীকান্ত সঞ্চ আছিল ৷ ৬৫ ৷৷ আমি २७ সৰবৰাহকাৰ ঐ সনৰ অথচ ১৮৩৭ ইংৰেঞ্জীৰ ১৬ আক্ট বৰ মোক মঞী আচালতন নকল-নবীচ, ঐ মিষ্টি সাহেব কালেক্টৰ মকৰৰ কৰে ৷ ৬৬। আমাৰ জেষ্টৰ ত্ৰয়োদশ দিবসে ভোজৰ জন্যে সকল গ্যাতিক নিমন্ত্ৰণ কৰা হৈছিল । অন্য সকল গৈছিল, উত্তৰ পাৰৰ কোনো নগ'ল। কিন্তু জেষ্ট গোপীকান্ত যাই উপস্থিত হৈ বহিছিল। সকল ভোজৰ আয়োজন কৰা হৈছে ও সকল গ্যাতিসফল বহিছে। এনেতে দেববৰ বৰদলৈ মোত সুধিলে, বপা তোমা- লোকৰ ভোজ কোনে ৰান্ধিব ! তোমি কাৰবাৰ কৰি আছা ও আইটী পুত্রশোকে কাতৰ আছে। মঞি কলোঁ, “কোনে ৰান্ধে কৰ নোৱাৰোঁ৷” এনেতে দেখৰৰ বৰদলৈ কলে, “গোপীকান্ত বৰুৱাই ৰান্ধিব পাৰে ৷” এনে বোলাতে জেষ্ট জনা তৎক্ষণাৎ উঠি আহিল। বাটতে, অথচ দুৰ্গাকান্ত শৰ্ম্মা বৰফোকৰৰ পুৰুহিত বাটতে লগ পাই, “বৰ ডেকা কলৈ যোৱা ? আজি ভোজ পাতিছে” বুলি হাতবেৰাদি ধৰিলে ; খঙ্গেৰে আহাৰ মাৰি গুচি গল। এইমত আহি পুৰুহিতে কলে । তাতে দেওবৰ ব্ৰদলৈয়ে কলে, “একো কথা নাই, ভোজ ৰান্ধোতা নাই, বৰ ডেকাই বান্ধিব পাৰে ;” এনে কোৱাতে উঠি গৈছে । তাতে সকলো গ্যাতিয়ে শুনি ভোজ খালে। আমাৰো ভোজ ঘৰত খাই কৰ্ম্ম সমাপন কৰা হ'ল ৷ ৬৭ ॥ আমি গোহাটীত কৰ্ম্ম কৰাৰ আয়োজন কৰাতে আমাৰ দেষ্ট আচালতন নকল নৰীশ খেল বিভক্ত কৃষ্ণৰাম মেধি