পানী- ফোকনে শপত নোথোয়া সদৰামীনৰ আত্মজীৱনী 1 গোসাঞী ও ভকতত অনুৰক্ত আহিল । অন্যকি ফোকনৰ কলীয়া ভোমৰা বৰফোকনৰ জীয়েক ও ডেকা ফোকনৰ জীয়েক দুইজনা স্ত্রী আছিল; আমি দেখাত সেইজনাৰ কটা তাম্বুল একখন গ্ৰহণ নকৰে । ঘৰত কি প্রবাহত নিজে ভাত ৰান্ধি খায়। ও বৰফোকনৰ জীয়েকৰ কন্যা এটী, ও ডেকা ফোকনৰ জীয়েকৰ সন্তান নাই ৷ আগৰজনী ঘৈণীৰ মোদৰাম নামক পুত্ৰ এটি আছিল । কন্যাটী বুঢ়াগোহাঞীৰ বংশৰ পিজৌ গোহাঞীক বিবাহ দি মাণিকপুৰ পৰগণা বন্দবস্ত কৰাই দিলে ৷ ৫৮ ॥ আৰো পানীফোকন এনে সত্যবাদী আছিল যে বৰ পঞ্চায়ত বাপুৰাম ফোকন প্রভিতি ভেঁটী খোৱা প্ৰকাশ হোৱাতে, তাম তোলসী গঙ্গাজল হাতত লৈ শপত খাবৰ, ডেবিদ ইস্কাট কমিচনৰ চাহেব নিয়ম কৰাতে, বাপুৰাম বৰফোকন প্রভিতি শপত খালেও পানীফোকনে কলে, “আমি বিষয়া, আমাৰ দেশত দস্তুৰ আছে, গুৰুঘৰে আৰু বিষয়াৰ ঘৰে গেলে সুদা হাতে যাব নাপায় ; গাখীৰ গুৰ আদি ভেটী লৈ আহে, তাকে গ্রহণ কৰিছোঁ ও আগলৈকো কৰিম ।
শপত খাই নৰকত পেলাম ?” কমিসনৰ সাহেব বৰখাস্ত কৰিম বুলি কি প্ৰকাৰ পিতৃ-পিতামহক এইবুলি শপত নকৰিলে । কোৱাতে৷ শপত নকৰিলে ; বৰপঞ্চায়তৰ পৰা বৰখাস্ত কৰিলে। পৰে কিছো দিনৰ মূৰত জানিলে যে বাপুৰাম ফোকন প্রভিতি মিছায় শপত খালে। পানী ফোকনহে সত্যবাদী জানি মাতি নি উমানন্দ দেবালয় ও মাণিকপুৰ ও গেৰগেৰীয়া, চেউনী, চিলা পৰগণা দিলে ॥ ৫৯ র ঐ ফোকনে আমালোকক বৰ স্নেহ কৰিছিল ও আমাৰ জেষ্টজনা প্রায় সর্ববদা ফোকনৰ ঘৰে যায়। ময়ো জেষ্ট জনাৰ সহিত বা অকলেই যাওঁ, বৰ সমাদৰ কৰে ॥ ৬০ তদপৰ জৈষ্ট মাহেৰ শেষে আমাৰ জেষ্ট শিৱকাৰ জ্বৰ হল। ৰূদ্ৰেশ্বৰ সাকিনে অনেক চিকিৎসা, এলেঙ্গীদলেৰ