পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ ধুমুহাই পোৱা মোৰ নামে পৰগণা বঙ্গবন্ধ সদৰামীনৰ আত্মজীৱনী বাখৰপতা কেৰু ১ জোৰ, সোণৰ বাখৰপতা আঙ্গুঠি ৫ গোট, কিংখাপৰ মেখলা ১, গাজৰ ৰিহা ১, খনীয়া কাপুৰ ১, পাটৰ বিহা মেখলা ১ জোব, মোগাৰ ২ জোৰ, জোৰণ পিন্ধাই সাতদিনিয়াকৈ পানী তোলি হাজোৱলীয়া গায়ন-বায়ন নাচনিয়াৰ ও ঢুলীয়া-ভগৰীয়া সহিতে সৰুজনা গোসাঞীৰ চৰানাৱে সহিত ও অনন্য নাউ সহিত পাৰহৈ শুক্ৰেশ্বৰ দেৱালয়ৰ ঘাট পোৱাতে বৰ ধুমুহা আহিল। মঞি কোনোমতে নাৱৰ পৰা দোলাত উঠি দেবালয়ৰ ঘৰত সোমালোঁ। হাজোৱলীয়া গায়ন-বায়ন ও ঢুলীয়াৰ নাউ, কাখ চপা মাত্ৰ বুৰিল। কাপুৰ-কানি ভিজি হাৱা-ৰাৱা হৈছিল ৷ পৰে দেৱালয়ত উঠি কাপুৰ-কানি চেপি ও জুইধৰি শুকাই ঐ বতৰ ভাল হোৱাতে, পুনৰ দোলাত উঠি পায়ন-বায়ন সমেত যাই সুন্দৰ মতে বিবাহ হ'ল ৷ পীৰাদিৰ জন্যে কোন কাজিয়া নহল । তদপৰ প্ৰাতসে কদ্ৰেশ্বৰ সাকিনে কন্যা সহিতে অহা হল । ও নিয়মমতে কন্যা পিতামাতাৰ ঘৰে পঠাই দিয়া হ'ল ৷৷ ৪৫ ॥ এই সনেও জিনকিঞ্চন কমিচনৰ ও বগল কালেক্টৰ সাহেব, আমাৰ জেষ্ট শিৱকান্ত হাজো পৰগণা পেয়াল কৰি কাগজ দাখিল কৰাতে, আমাৰ অথচ মোৰ নামে পৰগণা বন্দবস্ত হ'ল । কিন্তু জেষ্টই সকল কৰ্ম্ম অথচ পাটৱাৰী ও ঠাকুৰীয়া ও কাকতী, সাড়া, টেকেলা নতুন কৰি মকৰৰ কৰি খাজানা ৱাচিল, তহচীল কৰি, সৰকাৰে দাখিল কৰিছিল। মঞি সৰকাৰত নকল- নবীচী কৰ্ম্ম কৰি আছিলোঁ । এবং হাজো পৰগণাৰ উবাৰ, তলীয়া, তেতেলীয়া মৌজাৰ মাটি মান মাটি বাৰে ৰাখিলে । ও শতকৰা ১৪।০ আনা কমিচন ও মান মাটি জমা-বন্দী বাদ দি সাৰা জমা স্থিৰ পূৰ্ব্বক তিনি কিস্তি কৰি দিলে ৷ এবং একসনা ম্যাদে বন্দবস্ত কৰিলে। বৰি বস্তিত খাজানা নাই # ৪৬ ॥ উজান খণ্ডত পুৰন্দৰ ৰাজাৰ পুত্ৰ কামেশ্বৰ চাৰিঙ্গ ৰাজা