পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংৰাজৰ প্রথম মাটি বাবগু ডেৰিড ইস্কাটৰ পৰা নিষ্কৰ জমি লাভ বিবাহাদি অঙ্ক, সন্ধি ও শব্দ পঢ়া সদৰামীনৰ আত্মজীৱনী তদনন্তৰ ১৭৪৬ শকে ডেবিদ্‌ ইঙ্কটি সাহেব কামৰূপৰ বুদ্ধৰ বৰুৱা প্ৰভিত্তিক তলব দি তেওঁলোকক কবুল মতে, সেই সনে বন্দবস্ত কৰি বিষ্ণুচন্দ্ৰ মুখপধ্যাক তহুচীলদাৰ মকৰৰ কৰি তেওঁৰ হাতত টকা শোধাব দিলে। এবং হোৱাইট্‌ নামক সাহেব কালেক্টৰ হল ৷৷ ১৫ ৷৷ তদপৰ আমাৰ পিতা ও খুৰা গোহাটী আহি ডেবিড ইকাট সাহেব কমিচনাৰ সাক্ষাত হোৱাত অন্ধ দেখি সোধাত চন্দ্ৰকান্ত ৰাজাৰ নাম কৰি #মানহতক বেয়া বুলিলে।* এইকথা কোৱাত জীবদ্দশা পৰ্য্যন্ত নিষ্কৰ কৰি হাজো পৰণাৰ ক্ষুদ্ৰ কুলহাটীৰ হিডলা দলত ৰূপীত ১২ পুৰা দিলে ৷৷ ১৬ ৷৷ সেই তলীয়া গ্ৰামত থকাতে কৃষ্ণকান্ত বৰুৱাৰ পুত্ৰ হলকা আমাৰ মাতুলৰ দুহিতৃ জৰাইক বিবাহ কৰায়। এবং ৰুদ্রখৰি ঘৰৰ বগেই নামক কন্যাক অগ্রজ গোপীকান্ত ১৭৪৮ শকে বিবাহ কৰালে। তৎকালে আমি সৰু আছিলোঁ ৷ জেষ্ট গোপীকান্ত অঙ্ক পঢ়াইছিল। এবং নকুচি গ্ৰামৰ কামুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰ, মধ্যে মধ্যে, বিষ্ণুকান্ত জেষ্ট ও খুৰাৰ পুত্ৰ বেজী ওৰফে নও সনীয়া ব্রজকান্ত সহিত যাই, আমি সন্ধি ও শব্দ পঢ়া হৈছিল ৷ ১৭ ॥ ১৭৪৭ শাকে ইঙ্কাট কমিচনাৰ সাহেব নও সনৰ নিয়মে বন্দবস্ত কৰিলে ৷৷ ১৮ || যদণ্ড প্ৰবৰ্ত্তনৰ কাৰণ ইংৰাজৰ চাকৰি আমালোকৰ প্ৰবৰ্ত্তনৰ কঠিন হেতু আমাৰ জেষ্ট শিৰকান্ত ও গোপীকান্ত গোহাটীত কমিচনৰ সাহেৰে চেৰন্তাত ২০ বিশ্ বিশ টকাত ১৭৪৮ শকত মহৰিব মকৰৰ হৈছিল কিন্তু অলপ দিনৰ মধ্যেই অৱসৰ হল । এবং খুৰা কৃষ্ণকান্ত বৰুৱা পঞ্চায়তৰ মহৰিৰ ১৫ টকাত হৈছিল ৷ ১৯ ৷

    • মূল অস্পষ্ট, অনুমানহে