পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

+ ইংৰাজৰ প্রথম মাটি বদ্ধযন্ত ডেবিড ইস্কাটৰ পৰা নিষ্কৰ জমি লাভ বিবাহাদি অঙ্ক, সন্ধি ও শব্দ পঢ়া সদৰামীনৰ আত্মজীৱনী তদনন্তৰ ১৭৪৬ শকে ডেবিদ ইফাট সাহেব কামৰূপৰ বুদ্ধৰ বৰুৱা প্ৰভিতিক তলব দি তেওঁলোকক কবুল মতে, সেই সনে বন্দবস্ত কৰি বিষ্ণুচন্দ্র মুখপখ্যাক তহুচীলদাৰ মৰুষৰ কৰি তেওঁৰ হাতত টকা শোধাব দিলে। এবং হোৱাইট্ নামক সাহেব কালেক্টৰ হল ৷৷ ১৫ ॥ তদপৰ আমাৰ পিতা ও খুৰা গোহাটী আহি ডেবিড ইস্কাট সাহেব কমিচনাৰ সাক্ষাত হোৱাত অন্ধ দেখি সোধাত চন্দ্ৰকান্ত ৰাজাৰ নাম কৰি #মানহতক বেয়া বুলিলে । এইকথা কোৱাত জীবদ্দশা পৰ্য্যন্ত নিষ্কৰ কৰি হাজো পৰগণাৰ ক্ষুদ্ৰ কুলহাটীৰ হিডলা দলত স্বপীত ১২ পুৰ! দিলে ৷৷ ১৬ ৷৷ সেই তলীয়া গ্ৰামত থকাতে কৃষ্ণকান্ত বৰুৱাৰ পুত্ৰ হলকান্ত আমাৰ মাতুলৰ দুহিতৃ জৰাইক বিবাহ কৰায় । এবং কন্দ্রখৰি ঘৰৰ বগেই নামক কন্যাক অগ্রজ গোপীকান্ত ১৭৪৮ শকে বিবাহ কৰালে। তৎকালে আমি সৰু আছিলোঁ । জেষ্ট গোপীকান্ত অঙ্ক পঢ়াইছিল। এবং নকুচি গ্রামৰ কামুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰ, মধ্যে মধ্যে, বিষ্ণুকান্ত জেষ্ট ও খুৰাৰ পুত্ৰ বেজী ওৰফে নও সনীয়া ব্রজকান্ত সহিত যাই, আমি সন্ধি ও শব্দ পঢ়া হৈছিল ৷৷ ১৭ ১৭৪৭ শাকে ইস্কাট কমিচনাৰ সাহেব নও সনৰ নিয়মে বন্দবস্ত কৰিলে ৷৷ ১৮ ॥ বন্দবস্ত প্ৰবৰ্ত্তনৰ কাৰণ ইংৰাজৰ চাকৰি আমালোকৰ প্ৰবৰ্ত্তনৰ কঠিন হেতু আমাৰ জেষ্ট শিবকান্ত ও গোপীকান্ত গোহাটীত কমিচনৰ সাহেবেৰ চেৰস্তাত ২০ বিশ বিশ্ টকাত ১৭৪৮ শকত মহৰিৰ মকৰৰ হৈছিল কিন্তু অলপ দিনৰ মধ্যেই অৱসৰ হল। এবং খুৰা কৃষ্ণকান্ত বৰুৱা পঞ্চায়তৰ মহৰিৰ ১৫ টকাত হৈছিল ৷ ১৯ ৷৷

    • মূল অস্পষ্ট, অনুমানহে