সদৰামীনৰ আত্মজীৱনী বেলা অপৰাহ্ণে তথাপি নাহিবৰ দেখি পিতামাতা বৰ দুঃখিত হৈছিল : “নিচিনা নজনা ঠাই, কলৈ বা গল” বুলি ৷ ১২ ৷৷ আমি স্মৃতি গ্ৰামত হুঁ তিগ্ৰামত থকাৰ কাৰণ পঢ়ি নোৱৰাত তাড়না তদপৰ ভাঠী বেলা জেষ্ট মাতুল অনাদৰ খৰদলৈ ও লেঠাপ ভোলা কাকতী, জেঠাৰ পুত্ৰ কলীয়া কানাই প্রভিতি উপস্থিত হৈ আমাৰ পিতা ও খুৰা সহিত কথোপকথন হ'ল। আৰু কলে যে ইংৰেজীয়ে নতুনকৈ দেশ দখল কৰিছে মাত্ৰ ; সম্প্রতি গোহাটী খাব নালাগে । দুই এক বৎসৰ বাদ গতি-ধাৰণ বুজি যাব। এই পৰামৰ্শ দিলে। ইহাই ভাল বুলিলত স্মৃতি গ্ৰামৰ ভাগতী ব্ৰাহ্মণৰ ঘৰত থাকিবৰ দিলে। তাতে খুৰা সহিত কিছো দিন থকা হৈছিল। থকা ঘৰৰ আগচালিত মোক জেষ্ট শিৱকান্ত । উত্তৰ-গোগ্ৰাহ পুথিৰ প্ৰথম পাত পাঠ দিছিল। পৌষ মাহে মঞি মাতিব নোৱাৰো দেখি পিঠিত এটা ছেকনি দ্বাৰা কোব মাৰিলে। তাতে মঞি ৰোদন কৰিব ধৰিলোঁ । মাতৃ তৎকালে ভাত ৰান্ধিব ধৰিছিল । ক্ৰন্দন শুনি এস্থমতে আহিল । জেষ্ট জনাই দেখি দাউৰি পলাল ৷ মোক সোধাত ককায়ে মাৰিলে বুলি কলোঁ । পাচে, মাতা মোৰ কাখতে বহি ক'লে, “ গৰ্হি খোৱা লৰা ! কিয় লৰাক মাৰে !” এই বুলি—“পঢ়, মাতিব পাৰিবি।” -কৈ পঢ়িব পৰা চক্ষুৰ লোতক মুচি দিলে । পুৰিলৈ চাও, দেখি মাতিব পাৰিলোঁ ৷ “মাতৃয়ে দেখি আনন্দ হৈ – “আপুনি পঢ়িব পাৰ, --- নালাগে পাঠ দিব।” এই বুলি কোৱাতে আমি তেতিয়াই চাৰি পাত- মাৰ সুন্দৰ মাতিৰ পাৰিলোঁ । তদপৰ অন্যান্য ঠাইৰ পৰা পুথি বিচাৰি আনি পঢ়িব ধৰিলোঁ ॥ ১৩॥ সেই স্মৃতি গ্ৰামত ঠাই সংকীৰ্ণ দেখি তলীয়া গ্ৰামৰ মাধব দেৱালয়ৰ দেৱলীয়া মাটি এক খণ্ড লৈ কৃষ্ণকান্ত খুৰা সহিত কয়েকটা ঘৰ কৰি থকা গ'ল ॥ ১৪॥ মাতৃৰ মৰমত তদীয়া গ্রামলৈ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই