পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আৰু এজন পুত্ৰ ধৰ্ম্মকান্ত বৰুৱাৰ বিষয়ে বিশেষ নেজানো আৰু কব নোৱাৰিলোঁ । তেখেতৰ 'পুতুলী' নামৰ নাতিনী, বিবাহিত ছোৱালী এজনীহে আছে। সৰ্ব্বকনিষ্ঠ দেবকান্ত বৰুৱা জজ-কাছাৰীত কেৰাণী কাম কৰিছিল যদিও, আচলতে তেখেত এজন সন্ন্যাসী আৰু সাধক শ্ৰেণীৰ লোক আছিল । তেখেতৰ জীয়েক ধৰিত্ৰী দেবীৰ পুতেক শ্রীমান 'বাপলু' এতিয়া এজন মহকুমাৰ ভাৰপ্ৰাপ্ত ডাক্তৰ । কালৰ গতিত হৰকান্ত বৰুৱাৰ নিজৰ ঘৰখন সম্পূর্ণকৈ লয় পালে । নিজৰ নাতিনী সকলৰ সন্তান-সন্তুতি সকলহে আছে। সোনামুয়া মজুন্দাৰ বৰুৱাৰ বংশৰ ঠালঠেঙলি, কেবা ঘৰো উত্তৰ গুৱাহাটীত আৰু শিৱসাগৰ যোৰহাট আদি ঠাইত আছে। সোণামুৱাৰ সদৰামীন ৺হৰকান্ত শৰ্ম্ম। মজুন্দাৰ বৰুৱা আজোককাৰ স্বৰ্গত আত্মাৰ প্ৰতি শ্ৰদ্ধা আৰু সেৱা জনাই আমাৰ পাতনিৰ সামৰণি মাৰিলোঁ৷ ' পৰিশিষ্ট'ত তেখেতৰ বংশাৱলী দিয়া হৈছে। ইতি- উত্তৰ গুৱাহাটী শ্ৰীকুমুদ চন্দ্ৰ বৰদলৈ শুধৰণী বিশেষ দ্রষ্টব্য :- “সদৰামীনৰ আত্মজীৱনী”ৰ সম্পাদনাত চন-তাৰিখ, অন্যান্য বুৰঞ্জীৰ সৈতে দুই এঠাইত নিমিলিলেও শুধৰোৱা হোৱা নাই – কাৰণ, সেইটো বিচাৰ সাপেক্ষ। য'ত, যোগ-বিয়োগত ভুল স্পষ্ট, তাতহে শুধৰোৱা হৈছে আৰু লগে লগে টোকা দিয়া হৈছে। পৃষ্ঠা ৮, পংক্তি ১৪–১৭৫৭ শক নহৈ ১৭৫৩ শক হব । পৃষ্ঠা—৪৬, পংক্তি ১-'গৌৰীকান্ত'ৰ ঠাইত ‘গোপীকান্ত' হব। -সম্পাদক