1 da sh/o নাই। পিন্ধা-উৰা তেখেতৰ সাধাৰণ হলেও অতি পৰিষ্কাৰ আছিল । প্রায় অস্তিম সময়লৈকে তেখেতৰ মুকুতাৰ পাত্তি যেন পৰিষ্কাৰ দাঁত, পৰা নাছিল । তেখেতৰ বাহু আছিল আজানুলম্বিত। মৃত্যুৰ এবছৰ আগৰে পৰা তেখেতৰ হাতৰ আঙুলিৰ নখ-চন্দ্ৰ নোহোৱা হৈছিল । চৰকাৰী কৰ্ম্মৰ পৰা অৱসৰ লোৱাৰ পিছত, তেখেতৰ দীৰ্ঘজীৱনত চৰকাৰৰ সন্দেহ হোৱাত, তেখেতক গুৱাহাটীত হাকিমৰ আগত উপস্থিত হৈ জীবিত থকাৰ প্ৰমাণ দিব লাগিছিল। ইং ১৮১৬ চনৰ ভূমিকম্পৰ পিছতো তেখেত ৬৭ বছৰমান জীবিত আছিল বুলি জনা যায়। এই সূত্ৰে সদৰামীন ডাঙৰীয়া ১৯০২/৩ চনৰ ভিতৰত স্বৰ্গী হোৱা বুলি অনুমান হয়। ছকুৰি বছৰ আগত জন্মা অসমীয়া মানুহ এনেকুৱাই স্বাস্থ্যবান, দীর্ঘজীবী, মৰমিযাল, বিনয়ী আৰু ধৰ্ম্মপৰাযণ আছিল । বুৰঞ্জীবিদ আৰু সাহিত্যিক হৰকান্ত বৰুৱাৰ প্ৰতিভা বংশগত ৰজা- দিনীয়া মণ্ডুকদাৰ বৰুৱা হিচাপে বিচক্ষণ বুদ্ধিৰ পুৰ্ব্বপুৰুষ সকলে ৰাজ-আজ্ঞাত, ৰাজ্যৰ গুৰুতৰ বিষয়ৰ দলীল-পত্রাদি, বিদেশলৈ কটকাৰ হাতে পঠোৱা সন্ধি- বিগ্রহ, সন্দেশৰ পত্রাদি অতি সস্তপণে ডাঙৰীয়া সকলৰ লগত আলোচনা কৰি লিখি, স্বৰ্গদেউ সকলৰ হাত ছোৱাই শীলমোহৰ মাৰি উপযুক্ত খাধাৰত হুমুৱাই পঠাইছিল। বহু গোপন চিঠি-পত্ৰ ৰাজ-আজ্ঞাত লিখিব লাগিছিল আৰু ৰজা, ডাঙৰায়া, ববমুৰীয়া, বিষয়া আৰু প্ৰজাসকলৰ স্বাৰ্থত আঘাত নকৰি আৰু নিজৰ বিবেকলৈ চকু ৰাখিও, লিখিব লাগিছিল । তাকে কৰোতে নিজৰ বুদ্ধি-বৃত্তিৰ পৰীক্ষা ভালকৈয়ে হৈছিল । তেনে বুদ্ধি-বৃত্তি আৰু বিবেকৰ হৰকান্ত বৰুৱা উত্তৰাধিকাৰী হৈছিল, জন্মসূত্রে। শিশুকালৰে পৰা ডেকা বয়সলৈ ভগনীয়া অৱস্থাৰ দুৰ্দ্দশা আৰু সৰ্ব্বস্বান্ত পৰিয়ালৰ দুখ-দৈন্য পাৰিপাৰ্শ্বিকতাৰ মাজেদি, জন্মগত গুণৰাশি দিনক দিনে বৰ্দ্ধিত আৰু পৰিমাৰ্জিত হৈ, সেয়ে তেওঁক নকল-নবীচৰ পৰা যেনেকৈ এফালে সদৰামীন, মুচি আৰু মেজিষ্ট্রেট কৰি তুলিছিল, আনফালে স্মৃতিৰ উচ্ছ্বাস আৰু দুখ-দৈৱৰ শিক্ষাই, আহৰণ मन, আৰু অনুভূতিশীল হৃদয়পনিৰে, তেখেতক বুৰঞ্জীবিদ আৰু তেখেতৰ অজ্ঞাতেই, সাহিত্যিক ৰুৰিছিল । তেখেতৰ নিৰ্ভীক, নিৰপেক্ষ স্বভাৱ আৰু সৰলতাই 'অসম ৰ'ৰ নিচিনা সৰল, गाী টোকা--এইখিনি কথা ोडৰ কথা যোৰ "মা ইনকী বেবীৰ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই