Slejo ডেকা হৰকান্ত বৰুৱাই ক্ৰমাৎ ২০ টকীয়া কালেক্টৰিৰ নকল-নবীচৰপৰা ২৫- টকীয়া ৰোৰকাৰী নবীচ, আৰু ৪০ টকীয়া পেচকাৰ হওঁতে ১৭৬৬ শক পালে। ১৭৬৮ শকত প্রথম পুত্র কমলাকান্তৰ জন্ম হয় কিন্তু উপজিয়েই টান নৰীয়াত পৰাত ধাৰ্ম্মিক হৰকান্ত বৰুৱাই একলক্ষ তুলসী মাধৱলৈ আগবঢ়াইছিল । পেচকাৰ হৰকাস্তই, ১৭৬৮ শকত ঘৰৰ টকা চুৰ কৰা বৈদক ক্ষমা কৰি এৰি দিবলৈ বিচাৰকক কোৱা কাৰ্য্যই তেখেতৰ ক্ষমাশীল আৰু মহৎ মনৰ পৰিচয় দিয়ে। নকুচিৰ লৰাকালিৰ শিক্ষক কাৰাম শৰ্ম্মাক বংশৰ পুরুষিত কবি, তল্লুপৰি, নিজে কৈ-মেলি ফাঁক হাজোৰ দলৈ নিযুক্ত কবোৱা কাগাই, বৰুৱাৰ কৃতজ্ঞ স্বভাব জ্ঞাপন কৰে । জন্মস্থান উজ্ঞানখণ্ডই, বিশেষকৈ স্বাধীন অসমৰ স্বৰ্গদেউ সকলৰ কীৰ্ত্তিস্থান আৰু ধৰ্ম্মস্থান সমুহে তেখেতৰ স্তুতিৰ আবেশে ভৰা কোমল হিয়াপনি আৰু অনুসন্ধিৎত্র মনটিক বিশেষকৈ আকৰ্ষণ কৰিছিল। সেয়েহে ১৭৬৯ শকত কৰ্ম্মৰ পৰা ছুটি লৈ আউনীআটী আৰু দক্ষিণপাট সত্ৰ দুখন চাইছিল । অ্যা কীর্তিস্থান চোৱাৰ লগতে নাজিৰাত মৰষঞ্জ মজুদ্দাৰ বৰুৱাই যোৱা বকুলগছ চাইছিল । গগাঞৰ তলতল ঘৰ চাই মন্তব্য কৰিছিল যে ইয়াৰ আকৃতি শাৰ নষে। তলাতল মূখৰ ইটা খাই, ভাঙি আনি পুখুৰীত দুই কিঞ্চিৎ সোণ বাঘৰলৈ লোভ কৰি প্ৰাচীন কারি সমৃদ্ধ নষ্ট নকৰিবলৈ, হে লোকসকলক কৈছিল। এই কথাই, পিছত ভাৰত চৰকাৰৰ প্ৰাচীন কীৰ্ত্তি ৰক্ষা বিষয়ক আইনলৈ মনত পেলাই দিয়ে । সেই সময়ত স্বজাতীয় উপযুক্ত লোক পালেই কছানায়গ্রন্থ পিতৃসকলে ছোৱালী বিয়া দিছিল । লোক সংখ্যাও আছিল তাৰীয়া । প্ৰথম ভাৰ্য্যা সাবিত্ৰী দেৱীৰ সমান অনুপ হৈও আছিল। সাতে- পাঁচে, শিৱসাগৰ- ৰংপুৰৰ দায়েকৰ উপদেশ মতে কাকডঙ্গালৈ আহি বৰুৱাই গুলঞ্চী দেৱীক বিবাহ কৰাইছিল। তেখেতে আৰু এগৰাকী ভাৰ্য্যা 'ওকীপৰ জীয়েকক', বোধ কৰো, কণ্ঠাদায়গ্রন্ত উকালে কনা উপযাচি, বৰকৈ ধৰাত, বিবাহ কৰাবলৈ বাধ্য হৈছিল। সাবিত্ৰী দেৱীয়ে বৃদ্ধকালত, স্বামীৰে সৈতে বৃন্দাবনলৈ যাবলৈ ইচ্ছা কৰি তাতে স্বামীৰ সমুখত মৃত্যু কামনা কৰিছিল । আৰু অস্তিম সময়ত, নিজ ঘৰতে, স্বামী গুৰুৰু বিহুৱান এখন দি শেষ সেয়া জনাই চিৰবিদায় লৈছিল। এই সময়ে 'মারজীৱনীত উল্লিখিত দৰকা বৰুৱাৰ সৰল আৰু সংযত বর্ণনাই, তেখেত থাৰু সাবিত্ৰী দেৱীৰ, পৃথিবীৰ গন্ধহীন পরিত্র প্রেম আৰু প্ৰচাৰ ভাৱ প্ৰকাশ কৰে ৷
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই