পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোৱাল- পাৰা বদলি কাৰণ চিঠি নগৰবেৰা চ’মূৰীয়া মন্দিয়া গ্রাম দুৰ মাৰি যোগেশ্বৰ গোসাঞী কৌত হোৱা হীৰাপাৰা খানামুখ উত্তৰ গোহাটী ঘৰ পহুচা সঙ্গৰামীনৰ আত্মজীৱনী ১৬ অগ্রায়ণ, ১ ডিচাম্বৰ, বেলা এক পৰ মান হোৱাতে গোৱালপাৰা পাওঁ। বালিত ভাত খাই ভাঠী বেলা পূৰ্ণানন্দ বৰুৱা একষ্ট্রা এচিষ্টেণ্ট কমিচনৰ ও প্রিয়নাথ বৰুৱা চুপ্রেডেন্ট(১) সহিত হৈ চী কমিচনৰ সাঁহেৰেৰ চেকেট্টৰ (২) নামে চিঠি লিখিলোঁ যে, মঙ্গলদৈত বেমাৰ হৈ থাকোঁ ৷ হাৱাপানী বড়দাস্ত, (৩) নহয় ৷ গোহাটী ৰাখাৰ বিষয় ॥ ৬১৫ ॥ ১৭ অগ্ৰায়ণ ২ ডিচাম্বৰ, অথ, প্রাতে তথা হৈতে ৰওঁনা হৈ নগৰবেৰা পৰ্ববতৰ উত্তৰ বালিত থাকোঁ ৷ ৬১৬ ৷ ১৮ অগ্রায়ণ, ৩ ডিচাম্বৰ, তথা হৈতে ৰৰ্ত্তনা হৈ নগৰবেৰ ভাঠী বালিত থাকোঁ ৷৷ ৬১৭ ॥ ১৯ অগ্রায়ণ ৪ ডিচাম্বৰ – তথা হৈতে বৰ্ত্তনা হৈ নগৰবে পৰ্ব্বতৰ উজান বালিত থাকোঁ ৷৷ ৬১৮ || ২০ অগ্রায়ণ, ৫ ডিচাম্বৰ, তথা হৈতে ৰঔনা হৈ পূৰ্ব চ’মুৰীয়া, মন্দিয়া গ্ৰামৰ বালিত থাকো ৷৷ ৬১৯ ৷৷ ২১ অগ্ৰায়ণ, ৬ ডিচাম্বৰ তথা হৈতে ৰওঁনা হৈ পূৰ্ব চ’মুৰীয়াৰ দুৰামাৰি বালিত থাকোঁ ॥ ৬২০ ॥ ২২ অগ্রায়ণ, প্রতিসে তাতে থকাতে, যোগেশ্বৰ সকজন' গোসাঞী কাৰ্ত্তিক মাহে ফৌত হোৱা ও শ্রাদ্ধ যোৱা, মহেশ্বৰ নাৱৰীয়া ভটীয়াই যোৱাতে কলে । ৬২১ ৷৷ ২৩ অপ্ৰায়ণ, ৮ ডিচাম্বৰ তথা হৈতে ৰওঁনা হৈ দক্ষিণ স বংশৰ পৰগণাৰ হীৰাপাৰাত থাকে৷ ৷ ৬২২ ৷৷ ২৪ অগ্রায়ণ, ৯ ডিচাম্বৰ, তথা হৈতে ৰওঁনা হৈ ৰানামুখত ৰাতি থাকোঁ ৷ ৬২৩ ৷ ২৫ অগ্ৰায়ণ, ১০ ডিচাম্বৰ, তথা হৈতে ৰঔনা হৈ শগুনচু টি বালিৰ পৰা খোৱা দি ব্ৰহ্মপুত্ৰৰ, উত্তৰ পাৰে হৈ, অশ্বক্ৰান্ত টোকা :-(১) চুপ্রেডেন্ট = Superintendent. (২) চেকেট - Secretary. (৩) বৰদাস্ত, নহয় - সন্তু নহয়