স্মৃতি-তর্পণ সদৰামীনৰ আত্মজীৱনীৰ সদৰ্ভত, গৌৰবৰ্ণ, ধীণ, ককিলাসঞ্জীয়া, আধাপকা দীঘল ডাড়ি গোঁফ চুলিৰে ঋষি যেন, বৃদ্ধ কিন্তু লাখুটিৰ দৰে পোন, হাঁহি মুখেৰে এজন ধুনীয়া পুৰুষলৈ মনত পৰে৷ মাজে সময়ে তেওঁ আমাৰ ঘৰত দুই এনিশাৰ আলহী হৈ, আমাক খুহুতীয়া কথাৰে ইহুৱাইছিল। পুৰণি অসমৰ কথা কৈ আমাক আচৰিতো কৰিছিল। এদিন যাবৰ সময়ত, তেওঁ মোক টোপোলা এটা দি কলে “কুমুদ, হ ; এইখিনি তোক দিলো, যি ভাল হয় কৰিবি।” তেওঁ গ'ল । তেওঁক আৰু দেখা মহল। চিৰ বিদায় ললে ! হৰকান্ত সদৰামীনৰ কনিষ্ঠ ভ্ৰাতৃৰ নাম গৌৰকান্ত বৰুৱা । তেওঁ এসময়ত হাজোৰ "মাধব দেৱালয়ৰ 'সেৱা-চলোৱা' আৰু হাজো পৰগণাৰ মৌজাদাৰ আছিল। গৌৰকান্তৰ পুতেক আছিল চন্দ্ৰকান্ত বৰুৱা মৌজাদাৰ। তেওঁ এজন সুললিত-কণ্ঠা নানতিও আছিল । অতি বৃদ্ধকালতো মুকুতাৰ পাত্তি যেন হাতেৰে গৌৰবৰ্ণ কামিয় এইজন ককা-দেউতাৰ মুখৰ — “অনন্ত ব্রহ্মাণ্ডপতি, ক্ষুদ্র ব্রহ্মাণ্ডত ; নন্দেৰ ধৰে, আসি কৃষ্ণ, ভৈলপ্ত বেকত।” আদি - শ্রী কৃষ্ণ জন্মাষ্টমীৰ নামৰ মধুৰ ধ্বনি এতিয়াও শুনি থকা যেন লাগে । চন্দ্ৰকান্ত বৰুৱাৰে দ্বিতীয়জনা পুত্র আছিল, বিস্তাাকান্ত বৰুৱা । তেওঁৰ আমি 'মামা' বুলিছিলোঁ। আমাৰ মাতৃ ইন্দুমতীয়ে মাতিি 'ককাইদেউ' বুলি ৷ হৰকান্ত বৰুৱা সদৰামীনৰ দ্বিতীয়জন পুত্ৰ আছিল বিখ্যাত চিত্রশিল্পী, চেতাৰ বাঘবিশাৰদ ৰত্নকান্ত বৰুৱা গুহুচীলঙ্কাৰ । তেখেতৰ দ্বিতীয় গৰাকী ভাৰ্য্যা, উজান মাজুলী আউনীআটী সত্ৰৰ ওচৰৰ ছোৱালী ৺খনকান্তী দেবীৰ বৰ জী আছিল ইন্দুমতী। এই সম্বন্বত বিভাকান্ত বৰুৱা আমাৰ 'মামা' জাৰু "মাতৃৰ ককাইদেউ' W
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই