পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী তদপৰ দুই কি তিনদিনৰ মূৰত শুনিলোঁ, মণিৰাম যুবৰাজৰ ঘৰৰপৰা গৈ চন্দ্ৰসেনৰ ঘৰত, মোৰ পাচ ফালে আছেগৈ। এই কথা শুনি মঞি কাছাৰী অন্তে যুবৰাজৰ পাশ গলোঁ। মাক দেখিয়ে যুবৰাজে হাঁহি হাঁহি কলে, – “মণিৰামে মোক খং কৰি চন্দ্ৰসেন সদৰামীনৰ ঘৰলৈ গ'ল ।” মঞি বহি, দেৱতাত কলো, - 1, - গ'ল, ভাল হল ; সেহেতু মঞি আহিছোঁ । দেয়তা, তওঁৰ কথা মুশুনিব । পৰে দেখিব৷ কি হয় শুনিৰ, দেখিব। এই বুলি অনন্য কথা কৈ আহিলোঁ ৷ ২৮৭ ॥ মণিৰাম এইবেলি কলিকাতায় গ'ল৷ তাতে একমাহ 'মান থাকি যুবৰাজলৈ, নানারকম চিঠি লিখে যে, “চন্দ্ৰকান্ত ৰাজাই গৰ অনা কৰিছিল, এতিয়া মঞি চৈধ অনা কৰিছো। সেই খনিও পুৰ হব, অথচ কন্দপেশ্বৰ ৰাজাই মলুক পাৰ।” এমত চঠি পাই ৰবিচন্দ্ৰ বৰুৱা সহিত ( ধনকান্ত যুবৰাজে ) অসস্তোষ কৰে যে, মোৰ বুদ্ধিতেহে মণিৰামক গুচাদি নিদিয়াত, তেওঁৰ কে গুচিল । মঞি সান্ত্বনা কৰি কওঁ হয়, নামানে। তদপৰ কিছুদিন পৰে এনে খবৰ হ'ল, কন্দৰ্পশ্বৰে উজনি খপ্ত লাল-বন্দী পালে। জাহিব লাগিছে। এই কথাত যুবৰাজৰ বেজাৰৰ চাই নাই। মঞি কলোঁ, যদি কন্দপেশ্বৰ উজনি খণ্ড পাই, মঞি কমিচনৰ সাহেবেৰ দ্বাৰা এক খণ্ড দিয়াম । এনে কছিলোঁ ৷৷ ২৮৮ ৷ ১৬। বংশত জন্ম-মৃত্যু। মণিৰাম দেৱানৰ কথা । খেল বিভাগ - মৰঙ্গীয়াল ভকতৰ পৰলোক । ১৭৭৭ শক, ১২৬২ সন, ১৮৫৫।৫৬ ইংৰেঞ্জী । শ্ৰীশ্ৰীজিন্‌কিঞ্চন কমিচনৰ ও মিথি সাহেব জুডিচীল কমিচনৰ ও ৰৌলট্‌ সাহেৰ ডিপুটী কমিচনৰ। মঞি চেৰস্তাদাৰ ॥ ২৮৯ ॥ মণিৰাম যুৱৰাজৰ ঘৰৰ পৰা যোৱা মণিৰাম কলিকাতা যোৱা