যোক উপদেশ বিশেষ প্ৰত্যুত্তৰ ি যুবৰাজক নিষেধ কৰা সদবামীনৰ আত্মজীৱনী পত্রকো চাই, অন্য কি আছে, সোণৰ ভৃঙ্গাৰ এটা আছে; যদি বোলে, তাকে দিওঁ। এইসকল কথা সুধিবলৈকেহে মাতিছোঁ৷” ২৮৪ ৷৷ পাচে মঞি কিছুমান (সময়) মৌনে থাকি পৰে কলো ।- “দেৱতা, মোতনো ইসকল কথা কিয় সোখে ? বৰ, বৰ, লোক, দেৱৰৰ সদৰামীন, মহেশচন্দ্ৰ বৰুৱা ডিপুটী কালেক্টৰ ও বলোৰাম ফোকন আছে । এইসকলত সোধক।” তাতে যুবৰাজ করে, —“সেই সকলত মঞি সোধো, সুধিম ; নোসোধো নাই আপুনি কি কয়, কওক ৷” ২৮৫ ৷৷
তদুত্তৰে মঞি কলো,— দেৱতা পূর্বের উজনি খণ্ড পুৰন্দৰ সিংহ ৫০,০০০ পঞ্চাশ হাজাৰ টাকাত লাল-বন্দী পোৱাৰে এই মণিৰাম কালেক্টৰি চেৰস্তাদাৰ ও কাশীনাথ তামুলী ফুকন দেৱানীৰ, ও লঠো ফৌজাদাৰীৰ চেৰস্তানাৰ থাকাতে ৰাজাৰ বদনাম হৈ লাল-বন্দী গুছিল। এতিয়াও যদি মোক সুধিছে মণিৰামৰ কথা শুনিব লগা নাই ; বৰং তেওঁক ইয়াৰ পৰা বিদ্য দিয়ক । তেওঁ ইয়াত থাকিলে মঞি দেৱতাৰ ঘৰে নাহেঁ কিয়নো, কমিচনৰ সাহেবে মোত সুধিছিল,—মণিৰাম, মলুক কন্দপেশ্বৰ ৰাজ্জাক, লাল-বন্দী কৰি দিবৰ কাৰণ আহিছে ?- ক'ত আছে ? - মঞি কলো, যুৰৰাজৰ দেবীঘৰত আছে- তাতে সাহেব কলে,-- যুবৰাজ চামিল হলনে ? – মঞি কলো,- সাহেব, কি চামিল হব! ৪৬০ টাকা পেন্চীন্ পাই বা নোজোৰে ; তিনি চাৰি হাজাৰ টাকাৰ ধাৰ, মঞি জানে' মণিৰাম, ক'তো থাকিবৰ ঠাই নাপাই, দেৰীধৰ উদং দেখি ধৰি, তাতে আছে । অন্য কথা নাই । এই কথা সাহেবত কৈ আহিছোঁ । এতেকে মণিৰাম ইয়াত থাকিব নালাগে, বিনা নিয়ক ৷ আৰু তেওঁ থকা দেখি মঞি অহা নাই। তেওঁ গলেহে আহিম।” এই বুলি যুবৰাজক বিদায় হৈ আহিলো ৷ ২৮৬ !