মঞ্জিৰাৰ বিবাহৰ কথা মোৰ মাটিত মহীধৰে ঘৰ তোলা সদৰামীনৰ আত্মজীৱনী তদমোটে নকৰৰ হল । মহীধৰ মাকে, সেই ছোৱালীকে ইয়ালৈ উঠি আহিম বুলি প্রবোধ দিয়াতে, বোধকৰোঁ তৎদ্বৈ ছোৱালী দিবৰ সন্মত হোৱাতে, গৌৰীকান্তও সন্মত হৈ অজ্ঞ ঠিক কৰি, মোত সোধাত, মঞি কলো, “ছোৱালীৰ উপযুক্ত নহয় ৷ আৰু সিহঁত যে ইয়ালৈ উঠিব আহিব খুজিছে, ই ফাকি। ইয়াত ছোৱালী দিলে অনেক বেজাৰ পাবা গৌৰীকান্তই কলে, “যমে নিয়াও নিয়া, জোঁৱায়ে নিলেও নিয়া তাতে মঞি ভাল, এনে বুলিলো। মাতৃয়েও কলে, “সিহঁে উঠি আহিব” ৷ ২৬৯ ৷৷ তদপৰ, মহীধৰ ত্য মাক সহিতে আহি গোহাটীত ক বাপেক দেৱবৰ সদৰামীনৰ ঘৰতে আছিল । মঞি বে কৰিছিলো, যদি গৌৰীকান্তৰ ছোৱালী দিয়ে, ইয়াতে বাপেকৰ সাহায্যে কৰাব। পাচে যলৈ যায়, যাব । মঞি সাহেব সহিত মপস্বল ভ্ৰমণ কৰি, বাসা দুৱাৰৰ সুবৰ্ণৰ্থাং পালো ৷ তাতে গৌৰীকান্তৰ চিঠি পালো যে মহীধৰে আম ঘৰৰ কাখৰৰ মাটিখ গুলৈ উঠি আহিব খোজে, মঞি ঘৰ সাজি দিব খোজোঁ। তাতে মঞি বিবেচনা কৰিলো,—খামাখা উ আহিলে, সদৰামীনে ও অন্যলোকে বঞা বুলিব ; একাৰণে মি গৌৰীকান্তলৈ চিঠি লিখিলোঁ, “সম্প্রতি মহীধৰ উঠি আধি নালাগে । মাটিকো দিব নালাগে । মঞি ইয়াৰ খাৰাবাৰ তাৰপৰ বঙ্গালি, তাৰপৰ নলবাৰী, তদপৰ হাজো যাই গোহাি পামগৈ। এহাতে ১৫/১৬ দিন হব পাৰে । মঞি গৈ পাি বিবেচনা কৰিম” ৷৷ ২৭০ ৷ তদপৰ মঞি সেইক্রমে মপস্বল ভ্ৰমণ কৰি আহি গোহা পালোঁ যে, মহীধৰে সেই মাটিভ ঘৰ তোলিছে । গৌৰীকান্তক কলে৷ যে, মহীধৰক এইপাৰে আনিলি হয়, কৰ্ম্ম নকৰিলি । ২৭১ ॥
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই