B2 অসমীয়া ক সদধামীনৰ আত্মজীৱনী তেওঁ কৈছিল যে, মোৰ পিতা এই আসাম দেশ দখল কৰিলে ; এই দেশীয় লোকক মঞি প্রতিপালন কৰি ভালকৈ ৰাখিব ভালপোৱা । ন-গোসাঞী লাগে ; ও যোগেশ্বৰ সৰুজনা গোসাইক দক্ষিণ সৰু বংশৰ আদিক পৰগণা ও শ্ৰীধৰ মাজুজনা গোসাইক পশ্চিম কাছাৰী মহল পৰগণা দিয়া পৰণা মোৰ হতুৱাই হুকুম লিখাই দিছিল। তেওঁ মোক লৈ মপস্বললৈ ভ্ৰমণ কৰি ফুৰিছিল । লগত আমলা ও উমেদাৰী সহিত ৩০০ ৪০০ লোক ফুৰিছিল ৷৷ ২০৩ ৷ ইম কাট সাহেব চিকাৰপ্ৰিয় এওঁ সাহেবৰ লগত ৭/৮টা হাতী লৈ ফুৰিছিল । চিকাৰ কৰাত বৰ আসক্তি আছিল ; ৰাধাকান্ত বৰুৱা সাহেবৰ লগত সৰ্ব্বদা চিকাৰ কৰি ফুৰিছিল। ঐ চিকাৰেই ৰাধাকান্ত বৰুৱাৰ খাটনি। এওঁ সাহেব কাৰ্ত্তিক মাহৰ পৰা মপস্বলে ৰওঁনা হয়, এবং ৰাতিও দুপ্ৰহৰ সময় বাহিৰ হৈ গতি কৰে। তেওঁৰ সঙ্গে আমলাদি ও ভাৰীসকল, সাড়া টেকেলাদি মাজে মাজে জোৰা লৈ গতি কৰে। এইমতে ময়ো সাহেব সহিত ভ্ৰমণ কৰি গঙ্গাবিল, পাতিদৰঙ্গ পালোঁ । এনেতে বিহু ওচৰ হোৱাতে - সাহেবত কৈ মঞি হাতীৰে ২৯ পৌষ ঘৰলৈ আহিলোঁ। শ্ৰীৰত্নকান্তৰ ৰবিবাৰ ৰাত্ৰি ২২ ৪০ পল গতে শ্ৰীৰত্নকান্ত জন্ম হ'ল ৷ শ্ৰীষ্ম- জন্ম। কান্ত জন্ম হোৱা(ত) বোৱাৰী কেতেকীৰ কিছো অন্তৰে ঈৰ্ষা কেতেকীৰ হ'ল, ভালকৈ প্ৰকাশ কৰা নাছিল ৷ পৰদিন প্রাতসে সাহেবৰ পাশ যাই গঙ্গাবিলে হাজিৰ হলোঁ ৷ ২০৪ ঈর্ষা। ৰাধাকান্ত বৰুৱা মনচুফ মকৰৰ তদপৰ সাহেব সহিত নানাস্থান ভ্রমণ কৰি বৰপেটা ও দক্ষিণকুল হৈ চৈত্র মাহে আপন ঘৰ পোৱা গ'ল । ২০৫ ৷৷ এবং এওঁ সাহেবেৰ দিনতে ৰাধাকান্ত বৰুৱা মনচুফ ও হেট্ৰা ওৰফে জগন্নাথ মনচুক হৈ বৰপেটা যায় ৷ ও মপস্বলে ৰচদৰ বৰ ধুমধাম হৈছিল ৷ ২০৬ ॥ আৰু এই সনৰ ভাঙৰ ১৩ দিন যোৱাত ১৮৫০ ইং আগষ্ট মাহত প্রধান লাটপাদুৰী সাহেৰ গোহাটী আহি সাহেব
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই