পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী পেচকাৰী কৰ্ম্মতে পুনঃ ১৮৫০ ইংরেজী ২১ ফেব্ৰুৱাৰী আমি পুন: যাওঁ ৷৷ ১৯৭ ৷৷ অতঃপৰ ডালটীন সাহেব কালেক্টৰ ছোটনাগপুৰেৰ কমিচনৰ হৈ যোৱাতে, তৎকৰ্ম্মে ডেবিড় ইষ কাট্ কমিচনৰ সাহেৰে পুত্ৰ —চাৰ্লচ ইষ কাট্‌ সাহেব কালেক্টৰ হ'ল ৷ ১৯৮ ৷৷ ১১। চাৰ্লচ ইস্কাট সাহেব । আসামৰ দ্ৰব্যজাত বিলাতলৈ পঠোৱা—ভোটক কৰ দিয়া ।, ১৭৭২ শক, ১২৫৭ সন, ১৮৫০।৫১ ইংৰেঞ্জী । এই সনেও জিন্‌কিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও চাৰ্লেচ ইষ কাট্ সাহেব কালেক্টৰ ॥ ১৯৯ ৷৷ এওঁ ইষ কাট্ কালেক্টৰ সাহেব গত সনৰ নিৰিখমতে ও নিয়মানুসাৰে পৰগণাসকল ৩৬ সমা ম্যাদে বন্দবস্ত কৰিলে ও হাজো পৰগণা গৌৰীকান্ত সহিত ও সনা ম্যাপে খন্দবস্ত কৰিলে ৷৷ ২০০ ॥ আমি ঠাকুৰীয়া মকৰৰ, কবুলিয়‍ লৈ বন্দবস্ত কৰি দিয়াতে, সেইমতে খাজানা গৌৰীকান্ত তহচীল কৰি মোৰ পাশ পঠায় । মঞি, সৰকাৰে দাখিল কৰোঁ ও আখে ৰিতে – ৩০০৪০০ টাকা বাকী পৰিলে মঞি দৰমহাৰ ( পৰা ) দিওঁ। প্যাদা জাৰি হব নির্দো ৷৷ ২০১॥ এওঁ ইস্কাট্ সাহেব কালেক্টৰ হৈ ১১ বাজাত কাছাৰী (ত) হাজিৰ হয় । ৪ বাজাত কাছাৰী বৰখাস্ত কৰি বাঙ্গালায় যায় । লগত ২০০-৩০০ মানুহ পাচে যায় । বাঙ্গালা সোমালে বাহিৰত পেচ্ কাৰী পদে ভালচীন সাহেব যোৱাত ইষ কাটু সাহেব মকৰৰ পরগণা বন্দবস্ত ইং, কাট সাহেবৰ সঙ্গে বহি থাকে। পুনৰ গধূল সময় হাৱা খাবৰ গলে কতোদূৰ লোকজন, পাচে পাচে যায় ৷ সাহেব গাড়ী বা ঘোড়াত উঠি মাহ গলেছে, আপোন আপোন স্থানে যায় ॥ ২২ ৷৷ আৰো ইষ কাট্ সাহেব অসমীয়া লোকক বৰ ভাল পাইছিল ।