হাজো- দেৱালয়ত গৌৰীকান্ত সেৱা- চলোৱা হাজে। মাধব দেৱালয়ে উষাদত্ত দলৈ মকৰৰ উষাদত্ত দলৈৰ পৰ খাজানাদি কৰ্ম্মৰ ভাৰ সদৰামীনৰ আত্মজীৱনী গোটখাই পূর্বকথামতে গৌৰীকান্তকে সেৱাচলোৱা মকৰৰ কৰিবৰ নিমিত্তে, ডালটীন কালেক্টৰ সাহেৰে হুজুৰে দৰখাস্ত দিয়াতে, কোনো লোকৰ ওজৰ আছেনে নাই, জানিবৰ কাৰণে, ইস্তাহাৰ জাৰি কৰাত, সকল ৰায়তে সম্মত হৈ ইস্তাহাৰতো লিখি দিলে; সেহেতু, ৰাইজৰ টিকিট মতে— ১৮৫০ ইং ১১ জানুৱাৰী, ১২৫৬ সনৰ ২৬ পৌষ গৌৰীকান্তকে সেৱাচলোৱা শ্ৰেণীত নামজাৰি কৰি, আমাৰ কহত মতে, কমিচনৰ সাহেবৰ হুজুৰে এভ্যালা ৰেপট পঠালে ৷৷ ১৯৪ ৷ এবং তদপৰ দলৈপদ খালি হোৱাতে আমাৰ সন্মতি মতে উমাদত্ত শৰ্ম্মা কতেক বৰদেউৰী আনি দলৈপদৰ টিকিট্ দিয়ালে । ৰামেশ্বৰ শৰ্ম্মাও কতেক লোকেৰ ও বৰদেউৰী দ্বাৰা টিকিট্ দিয়ালে । পাচে মোৰ পুৰুষাৰ্থ ও ফিকিৰতে ফাগুন মাহ, উমাদত্ত দলৈ মকৰৰ হ'ল। ৰামেশ্বৰ হব নোৱাৰি ফিৰি ঘৰে গ'ল ৷৷ ১৯৫ ॥ উমাদত্ত শৰ্ম্মা দলৈ মকৰৰ হৈ কমিচনৰ সাহেবৰ হুজুৰে দৰখাস্ত দিলে যে, মাধৰ দেৱালয়ৰ মঞি দলৈ মকৰৰ হৈছোঁ, এতিয়া সেৱাচলোৱাৰ কোন আবশ্যক নাই । পূৰ্বে কানুৰাম দলৈৰ জেম্বায় থাজানাদি সকল কৰ্ম্মৰ ভাৰ আছিল। তেওঁ ফৌত্ হোৱাতহে সাজ ৱাল হৈছিল । এক্ষণ মোৰ জেম্বা কৰক। তাহাতে জিন্কিঞ্চন্ কমিচনৰ সাৰে ঐ সনৰ ৬ মাৰ্চ ২৪ ফাল্গুণ, খাজানাদি সমস্ত ভাৰ দলৈৰ জেম্বা কৰাতে সেৱা- চলোৱা অৱসৰ হ'ল। কমিচনৰ সাহেব নিশ্চয় জানিছিল যে দেৱালয় সকলৰ দলৈহে সৰ্ব্বাধিকাৰ ; এইহেতু সকল দেৱালয় দলৈৰ জেম্বা হ'ল। কিন্তু উমাদত্ত, দলৈ হৈ যে দৰখাস্ত দিছিল, এইটি কৰ্ম্ম গোহাটীৰ ভাল ভাল কয়েক লোকৰ পৰামৰ্শ ও যুক্তি- মতে দিছিল ৷৷ ১৯৬ ৷ তদপৰ আমি একটীং চেষস্তাপাৰ হৈতে আপন আচালতন
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১১০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই