পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মংখোৱা গোহাঞী ৰূপহী আইদেও কাকডাঙ্গা গেছৌ, দ্বিতীয় বিবাহ সদৰামীনৰ আত্মজীৱনী সহিত মৰংখোৱা গোহাঞীৰ ঘৰে খচকিতে গৈ, দেখা হলোঁ এবং বহিব দলিচা দি জিজ্ঞাসা কৰাতে সকল বৃতান্ত কলোঁ, এবং কাকডঙ্গা যাই বিবাহ কৰাবৰ কাৰণে হাতীৰ কথা কলোঁ । পৰশুৰাম মৰংখোৱা গোহাঞী হাতী দিবৰ স্বীকাৰ কৰিলে, বিদায় হলোঁ। তদপৰ তৎপুত্ৰক দেখা হলোঁ এবং পুৰন্দৰ ৰাজাৰ দুহিতৃ ৰূপহী আইদেও সেই সময় মৰংখোৱা গোহাঞীৰ পুত্ৰৰ ভাৰ্য্যা হৈ আছিল। তেওঁ আহি আপন পতি সহিত বহাতে দেখা হৈ স্বকীয় স্থান, অথচ হলিৰাম ডেকা বৰুৱা সহিত আহি গধূল সময় আপন নাৱতে আহি থাকিলোঁ । ও কাকডঙ্গা যাবৰ উৎযোগ কৰিলো ৷৷ ১৭৮ । পৰদিন হাতী আহি উপস্থিত হৱাতে নাৱত কেবল বাঙ্গালী দুই জন মাল্লা নাউ সহিত, তাতে অথচ মৰঙ্গীত, ৰাখি হলিৰাম সহিত মঞি হাতীত উঠি কাছাৰী চালোঁ। সেই সময় যোগাই শৰ্ম্মা নামে একজন পেচকাৰ আছিল। তেওঁ সহিত দেখা হৈ কাকডঙ্গা ৰঔনা হৈ, গধূল সময় পাই, নাহৰ ঘৰত থাকিলোঁ ৷৷ ১৭৯ ৷৷ তদপৰ দিন ধাৰ্য্য কৰি, অথচ দদাইদেৱৰ চিঠি ছোৱালীৰ বাপেকক দি, বিবাহৰ দিন কৰি, হলিৰাম ডেকা বৰুৱাৰ যুক্তি- মতে যোৰহাটৰ পৰা ঢুলীয়া আৰু দোলা মামুহ আনি, ও ঘিণৰ ঘৰতে শ্রাদ্ধাদি কৰি বিবাহৰ মানুহক খোৱাই, বিবাহ সাজি, ঘিণৰ জীয়েক গেন্ধৌক বিবাহ কৰান গেল । এবং পুনৰ নাহৰৰ ঘিণৰ ঘৰতে থকা গ'ল । ও সৰু সৰু চাপৰ ঘৰ, ভাত থকাত যাহক, তাতে তিনদিন থাকিলোঁ। বৰ ক্লেশ পোৱা হৈছিল। নাহৰৰ ঘিণৰ দুই স্ত্রী । সৰু স্ত্ৰীৰ নাম সেন্দুৰী । নাহৰ মৌজাদাৰৰ কাকতী আছিল ৷৷ ১৮০ সে যাহক তিনদিনৰ পৰে, আমি মৰঙ্গীলৈ, সেই হাতীৰে ৰৰ্ত্তনা হলো এবং আমাৰ বিবাহিতা জনাকো কৌশলে আনি,