পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$2 গোসাঞী সহিত সাক্ষাৎ সত্ৰ দেখা দক্ষিণপাট সহ দেখা সদৰামীনৰ আত্মজীবনী হ'ল । নিশ্চয় গোসাঞীৰ নাউ জানি ৰিঙ্গিয়াই জীউৰামৰ দ্বাৰা কোৱালোঁ। এনেতে গোসাঞী (ৰ) নাউ, ডেকাজনা ও দ্বিণাই চৰন্ধুৱা প্ৰভিতিৰ নাউ চপালে ৷ এবং মঞি উঠি প্রথম চৰন্ধুৱা আতা সহিত দেখাহৈ সকল কথা কলোঁ ৷ কেৱল গোসাঞী সেৱা ও গৰগাঞ ৰঙ্গপুৰ দেখিব আহিছোঁ। তদপৰ চৰন্ধুৱা আতাই নি গোসাঞী ঈশ্বৰক সেৱা কৰালে । যি নিয়া গৈছিল, সকলো দি সেৱা কৰিলো ৷ গোসাঞীয়ে কলে, “তোমি ৰঔনা হৈ আহিছা, আমি খবৰ নাপাওঁ।” তাতে মঞো কলো “বন্দীয়েও খবৰ নাপাওঁ, কেৱল তেজপুৰত ৰমাকান্ত মনচুফৰ মুখেহে বার্তা পালোঁ প্ৰভুত বৰ্ত্তনা হৈ ভটীয়াই আহিছে।” গোসাঞী কলে, “ভাল হৈছে । আমাক দেখাহৈ সেৱা কৰিলা এবং মাজোলীত যি দেখিব খোজা, আমাৰ হাতী লৈ সকলো দেখিবা।” এই বুলি একখন চিঠি চাউল ভঁৰালীলৈ মোৰ হাততে দিলে। তদপৰ ডেকাজনাকো সেৱা কৰি বিদায় হৈ ও চৰন্ধুৱা আতাকে। যি নিছিলো দি, বিদায় হৈ আহি, নাৱলৈ আহিলো। এবং গোসাঞী প্ৰভিতিৰ নাউ ভটীয়াই দিলে। আমিও উজানে ৰৰ্ত্তনা হলোঁ ৷৷ ১৬৯ ৷৷ তদপৰ আমি উজাই গৈ আউনীআটী সত্ৰ পালো ৷ এবং সত্ৰ উঠি মহাপ্রভুক সেৱা কৰি, ও বৰদেউৰী বুড়া বাপুক সেৱা কৰি কথোপকথন হৈ, চাউল ভঁৰালীক দেখাহৈ চিঠি দিলোঁ । এবং তিন দিন নারতে আছিলোঁ। ৰোজ, সিধা-চাউল ভঁৰালীয়ে দিছিল। হাতী দিয়াতে তাৰে পৰা গৈ কমলাবাৰী সত্ৰ দেখি পুনৰ আহি নাৱতে থকা গ'ল ৷৷ ১৭০ তদপৰ বৰদেউৰী বাপু সহিত অনেক আলাপ-প্রলাপ কথাবাৰ্ত্তা সুধি বিদায় হৈ ৰৰ্ত্তন৷ পূৰ্ব্বক, দক্ষিণপাট সত্ৰ পালো ৷ তাতে নাউ চপাই ৺যাদব ৰায় ঠাকুৰ ও অধিকাৰ বুড়া গোসাঞীক সেৱা কৰি উজাই গৈ, দিখৌ নদীৰ মুখ পালো ৷