পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to ফাহাম শৰ্ম্মা দলৈ মঞ্চৰৰ পৰগণ! বক্ষবন্ত সদৰামীনৰ আত্মজীৱনী শৰ্ম্মাকে দলৈ মকৰৰ কৰাৰ অভিপ্ৰায়ে তেওঁক, ঘৰৰ পৰা মানুহ পঠাই, মতাই অনালোঁ । এবং দলৈ হবৰ কোৱাত, “কেনেকৈ হুম” বুলি কোৱাতে মঞি কলো “তোমি টকাকড়ি একো খৰচ কৰিব নালাগে। যত লাগে মঞি কৰিম । কিন্তু তোমাৰ ভাই- ভাগী ও অন্য কিছো ব্ৰাহ্মণ, পাৰা যদি টিকিট্‌ দিবৰ আনাগৈ।” এই কৈ ঘৰে পঠাই দিলোঁ । পৰে কেইজনমান লোক অহাতে টিকট্‌ দিয়ালো এবং গেৰুৱাৰ ৰামেশ্বৰ শৰ্ম্মা নামেও কেইজনমানে টিক দিলে। পাচে, মঞি সাহেবত বুজাই কোৱাতে, কামুৰাম শৰ্ম্মাকে দলৈ মকৰৰ কৰিলে ৷৷ ১৬৪ ৷ ৮। উজানে সত্রাদি দর্শন । ১৭৬৯ শক, ১২৫৪ সন, ১৮৪৭ ৪৮ ইংৰেঞ্জী । এই সনেও জিন্‌কিঞ্চন কমিচনৰ সাহেব ও মিথি সাহেব ডিপুটী কমিচনৰ । ও ডালটীন সাহেব কলেক্টৰ । এও সাহেব অত্যন্ত পৰিশ্ৰমী আছিল । পৰগণাসকল গত সনৰ নিৰিখ ও নিয়ম মতে ৩৫ সনা ম্যাদে বন্দবস্ত কৰিলে। হাজো পৰগণ্য গৌৰীকান্ত সহিত ও সনা ম্যাদে বন্দবস্ত কৰিলে। কামুৰাম শৰ্ম্মা দেৱলীয়া চৌধাৰী মাধব দেবালয়ৰ দলৈ মকৰৰ হৱাতে, গৌৰীকান্ত নিজে খাজানা তহচীন কৰিবৰ ঠাকুৰীয়াহঁতৰ কখুলিয়ৎ লৈ বন্দবস্ত কৰি দিলোঁ। সেই অনুসাৰে ৰাজানা পঠায়। মঞি সৰকাৰে দাখিল কৰোঁ ও আখেৰি কিস্তিতে ৩০০ ২০০ টাকা বাকী পৰিলে মঞি নিজৰ পৰা দি জেঙ্গা ভাঙ্গো ৷ ১৬৫ ॥ তাপৰ মঞি উজানে যাই শ্রীশ্রীআউনীআটীয়া অধিকাৰী গোসাঞী সেৱা ; ও সত্ৰ, ও ৰঙ্গপুৰ, গৰগাঞ প্রভিতি দেখিবৰ মনস্থে ১৮৪৮ ইংৰেজী ১৮ জানুৱাৰী ৬ মাঘ ডালটীন সাহেবেৰ