এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বাটৰুৱা

ৰং ধেমালী বুতলি ফুৰা
এজন বাটৰুৱা দেখিলো।
সময়ৰ সদব্যৱহাৰ কৰি
ভাললগা যাত্ৰাৰ মূল্যবান মুহূৰ্তবোৰ
সযতনে সাঁচি থয়।

কোমল দৃঢ়তাই কেতিয়াবা বাটৰুৱাৰ
লক্ষ্য থানবান কৰে,
তথাপি সমান্তৰাল ধাৰণাবোৰৰ ফালিচিৰি আত্মপ্ৰকাশ।
বিচাৰি নোপোৱাখিনি আত্ম বিশ্লেষন–
কাইটীয়া এন্ধাৰত খুন্দাখাই
নজনা বহুপ্ৰশ্নৰ উত্তৰ ওলাই আহে।

বাধা পোৱা সমূহীয়া আনন্দই
ফালিচিৰি নিজৰ অস্তিত্ব দেখৱাই দিয়ে।
একে স্থিতিতে মানুহৰ সুখ-দুখৰ কিমান লুকাভাকু!
ঠিকেই, সময়ক ভ্ৰক্ষেপ নকৰি
ভাল লগা যাত্ৰাৰ মূল্যবান মুহূৰ্তবোৰ
সযতনে সাঁচি থয়।
কাম কৰি কৰি পিছত হেনো সময়ক জুখি চাব!

শিল্পী সত্ত্বা -১০