পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এটা তিনিমুখীয়া সাপৰ সাধু

 

 এজন দুৰ্দান্ত সাহসী বীৰ আছিল। ভয়-সংশয় বুলি কোনো কথা নাই তেওঁৰ। তেওঁলোকৰ ঘৰৰপৰা কিছু দূৰৈত এখন নৈ আছিল। মানুহৰ মাজত এটা বিশ্বাস আছিল যে নৈখনত নামি গা ধুলে পানীয়ে জুই হৈ মানুহক পুৰি পেলায়। বীৰৰ মনত অপাৰ খু-দুৱনি উপজিল। যাওঁচোন নৈখনত নামি গা ধোওঁগৈ—এনে ভাব। মাকে বোলে—‘নালাগে দেই বোপাই। আওমৰণে মৰিবগৈ নালাগে। ল'ৰা এটাহে আমাৰ।’ পুতেকো সাত ঘাটৰ চেঙেলী। নাকটো মোহাৰি বুদ্ধি এটা পাঙি ক’লে বোলে মই নৈত নামি গা নোধোওঁ নহয়। পাৰৰপৰা চাম, গুচি আহিম। এই বুলি মাকক আভুৱা-ভাঁৰি বীৰ পুৰুষ গুচি গ'ল। লগত অৱশ্যে লগুৱা এজনো লৈ গ'ল। যথা সময়ত নৈৰপাৰতে কাপোৰ সলাই নৈত নামি বপুৰাই উৰাই-ঘূৰাই গা ধুবলৈ লাগি গ'ল। পিছে, অলপ পিছতে নৈৰ পানীৰ পৰা এক প্ৰকাণ্ড সৰ্পৰাজৰ উৎপত্তি হ’ল। সৰ্পৰাজৰ এখন দুখন নহয়—তিনিটা মূৰত তিনিখন মুখ। মুখেদি ভমক ভমক জুই বাহিৰ হৈছে। খাওঁ খাওঁ মূৰ্তি। এতিয়াহে উৰহী গছৰ ওৰটো বিচাৰি পালে আমাৰ বীৰ পুৰুষে। এই সৰ্পৰাজে জুইৰ ভয় দেখুৱাই মানুহবোৰ ধৰি নি পৰ্বতৰ গুহাত লুকুৱাই থয়গৈ। তাৰ সেইটোৱেই চখ্‌। ‘ৰহ, তোকো দি আছোঁ।'—এইবুলি তেওঁ পাৰলৈ উঠি আহি ধনু-কাঁড় লৈ চকুৰ পচাৰতে সৰ্পৰাজৰ এটা মূৰ ছেদ কৰি পেলালে। বাকী দুটা মূৰো গ'লহেঁতেন, কিন্তু সৰ্পৰাজে বৰকৈ মিনতি কৰিলত প্ৰাণে নামাৰি বীৰে এৰি দি ক'লে, ‘ঘৰলৈ যা তৎক্ষণাত।’ সৰ্পৰাজ গ'ল, কিন্তু যাওঁতে ৰজাৰ জীয়েক এজনীক পলুৱাই লৈ গ'ল। চোৰে চোৰ প্ৰকৃতি

মইনাহঁতলৈ মজা মজা সাধু কথা | ২৩