পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চুবুৰিত হাই-কাজিয়া কৰি পৰিৱেশ বিনষ্ট নকৰে—নিজে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছে।

 গতিকে, তেওঁৰ পৰা আমি কিয় বস্তু ডকা-হকা দি চুৰ কৰি নিব লাগে? সেইবিলাক বেয়া কথা, বতৰা জানা? পাৰিলে দুপইচা দি সহায়হে কৰিব লাগে। তাৰপাছত এদিনৰ কথা। মূৰত এটা টুপী ভৰ্তি পাচি। একেবাৰে গোবৰ্ধন পৰ্বতৰ সমান। টিকা ফটা ৰ'দৰ পৰা ৰক্ষা পাবলৈ মানুহজনে নিজেও এটা টুপী পিন্ধি লৈছে। সেই উপজি পুৱাৰ পৰা ভৰ দূপৰলৈকে টুপী বেচি বেছি বাটে বাটে, ঘৰে ঘৰে হলং হলং ঘূৰি ফুৰিছে। এঠাইত পথৰ কাষত গছ এজোপা পালে। গছজোপাৰছাঁতে মানুহজন বহিল। টুপীৰ পাচিটো কাষতে থ’লে। ঘৰৰপৰা লগত অনা চিৰা আৰু পানী অলপ খালে।

মইনাহঁতলৈ মজা মজা সাধু কথা |১৫