এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—— প্ৰতিফল ——

১ম পৰিচ্ছেদ

 নগৰৰ দক্ষিণফালে ঠিক সীমাৰ বাহিৰত বিখ্যাত ব্যৱসায়ী সুৰেন বৰাৰ ঘৰ। তেওঁৰ প্ৰকাণ্ড ঘৰে বাৰীয়ে প্ৰায় দুবিঘা মাটি জুৰি আছে। ৰাস্তাৰ ফালে প্ৰকাণ্ড দুমহলীয়া ঘৰটো। তেওঁৰ ঘৰৰ চাৰিওফালে এখন ওখ দেৱাল। আগফালে গেট। গেটৰ পৰা এটা তিনি হাতমান বহল ৰঙা ইটাৰ গুৰিৰ বাট ঘৰৰ দুৱাৰমুখ পাইছেহি। বাটটোৰ দুয়োকালে ফুলৰ বাগিচা। নানা তৰহৰ দেশী-বিদেশী ফুলৰ গছেৰে ভৰা। ঘৰৰ পিছফালে তামোল-পাণ, আম-কঠাল আদিৰ বাৰী।

 বৰা নগৰৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়ী। তেওঁ এই অঞ্চলত এজন বিখ্যাত কাৰবাৰী বুলি খ্যাত। তেওঁৰ পিতাকে কোনো এটা বেচৰকাৰী অফিচত