এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)

 “ইফালে বৰাই সেই টকা আত্মসাৎ কৰি আহি ইয়াত ব্যৱসায়ত নামে আৰু কিছুদিনৰ পিচতেই ডাঙৰ ব্যৱসায়ী ৰূপে খ্যাত হয়।”

 “কিন্তু লহকৰে বৰাক শাস্তি দিবলৈ মনতে পাঙি আছিল আৰু এবাৰ সেই বাবে পুনৰ নিজৰ দেশলৈ উভতিবলৈ মন কৰে। ঈশ্বৰৰ ইচ্ছা কি আছিল কব নোৱাৰোঁ‌, কাৰণ লহকৰৰ সেইবাৰো অহা নহ’ল, কাৰণ বৰাৰ দৰেই, লহকৰৰ এজন বঙালী সহকাৰীয়ে প্ৰায় আধা টকা আত্মসাৎ কৰি পলাই যায়। ফলত পুনৰায় লহকৰ আৰু কেই বছৰমানৰ বাবে তাতে ৰৈ যাব লগা হ’ল।”

 “এতিয়া বোধকৰো প্ৰতিফল দিয়াৰ উদ্দেশ্যেই লহকৰ ইয়াত উপস্থিত হৈছে। লহকৰে আজি কেই বছৰমানৰ আগতেই বৰ্ম্মা এৰিছে। বৰ্ত্তমানে ক’ত তাক মই কব নোৱাৰোঁ‌”, শইকীয়াই তেওঁৰ কথা শেষ কৰিলে।

 অলপ পিচতে শইকীয়া ওলাই গ’ল আৰু বৰুৱাই লৰালৰিকৈ অজিত থকা কোঠালীটোলৈ