এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

বন্ধু আছিল আৰু দেউতাৰ লগত ব্ৰহ্মদেশলৈ গৈছিল।”

 ‘ও। এইটো কিন্তু জনা গ’ল যে সি বৰ্ত্তমানে ইয়াতে আছে আৰু সম্ভৱতঃ আৰু এজনক হত্যা কৰিব। কিন্তু বাল্য-বন্ধুৰ লগত বৰাই এনে কি বিশ্বাসঘাতকতা কৰিলে যে তাৰ বাবে তেওঁক হত্যা কৰিলে?” বৰুৱাই যেন নিজকে সুধিলে।

 অলপ পিচতে তেওঁলোক বৰাৰ ঘৰত উপস্থিত হল।

 

৩য় পৰিচ্ছেদ

 বৰাৰ ঘৰত উপস্থিত হৈয়েই বৰুৱাহঁত সুৰেন বৰাৰ কোঠালীত উপস্থিত হ’ল।

 কোঠালীটোৰ ভিতৰত এফালে এখন পালেং, আনফালে এখন ডাঙৰ টেবুল, দুখন চকী আৰু এটা ডাঙৰ আলমাৰীৰ বাহিৰে আন বস্তু একোৱেই নাছিল। পালেং খনৰ ভৰিৰ ফালে এখন ডাঙৰ খিড়িকী আৰু টেবুল খনৰ আগেদিয়েও এখন খিড়িকী