এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/১২

পৰশ লাভ কৰক। বিশ্বৰ প্ৰতিটো চুকৰ পৰা অজ্ঞানতাৰ ক’লা এন্ধাৰ আঁতৰি জ্ঞানৰ উজ্জ্বল পোহৰেৰে দীপ্তিমান হৈ উঠক।

মানুহ— প্ৰণাম দেৱী, আপোনাৰ ইচ্ছা যেন ফলবতী কৰিব পাৰোঁ।
এথেনা— নিশ্চয় পাৰিবা মানবপুত্ৰ। মহামান্য প্ৰমিথিউছে তোমালোকক অগ্নিৰ উত্তাপ আৰু পোহৰৰ ব্যৱহাৰৰ বিষয়ে তোমালোকক বিস্তৃত শিক্ষা দিব। এই শিক্ষাৰ জৰিয়তে তোমালোকে সভ্যতাৰ বিকাশ ঘটোৱা, দেবতাসকলৰ প্ৰতি কৃতজ্ঞ হৈ উন্নতিৰ পথত অগ্ৰসৰ হোৱা। মহামান্য প্ৰমিথিউছ, এতিয়া বিদায়হে। [প্ৰস্থান]
প্ৰমিথিউছ— দেৱতাসবৰ মাজত তুমিয়েই জিউছৰ বিৰুদ্ধে গৈ মোক সহায় কৰিবলৈ সাহস কৰিছা। যোৱা দেৱী তোমাৰ সাহসতেই সাহসীহৈ ময়ো মোৰ কৰ্ত্তব্যত আগবাঢ়ি যাম। আহা মানবপুত্ৰ, অগ্নিৰ উত্তাপ আৰু পোহৰৰ ব্যৱহাৰৰ বিষয়ে তোমাক সম্যক ধাৰণা প্ৰদান কৰোঁ।
[মঞ্চ লাহে লাহে আন্ধাৰ হয়। Low voic ত background Music. Spot ৰে মানুহ আৰু প্ৰমিজিউছক focus কৰা হয়। মৌন অভিনয়েৰে প্ৰমিথিউছে মানুহক জুইৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে