এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/৯

ফুৰিছে আৰু অজ্ঞানতাই সিহতক আবৰি ৰাখিছে। জ্ঞানৰ দেৱী, তুমিয়েই কোৱাচোন, মোৰ পুত্ৰক মই জানো অগ্নিৰ পোহৰ আৰু উত্তাপৰ পৰা বঞ্চিত কৰি ৰখাৰ অধিকাৰ আছে?

এথেনা— আপুনি ঠিকেই কৈছে মহামান্য প্ৰমিথিউউছ। জ্ঞানৰ দেৱী হিচাপে ময়ো জ্ঞানৰ বিস্তাৰ হোৱাটোকে কামনা কৰোঁ। ময়ো বিচাৰো মানুহ সকলো জ্ঞানৰ অধিকাৰী হওঁক, আৰু বিকাশমুখী মানৱ সভ্যতাৰ প্ৰতিভূ হৈ সৃষ্টিক বিনন্দীয়া ৰূপ দিয়ক। কিন্তু দেৱৰাজ জিউছ ইয়াৰ ঘোৰ বিৰোধী।
প্ৰমিথিউছ— ইয়াৰ কাৰণ কি দেৱী। এই মানুহেই জানো দেৱৰাজকো পূজা নকৰিব? দেবমন্দিৰত জিউছৰ মূৰ্তি জানো প্ৰতিষ্ঠা নকৰিব? জ্ঞান গৰিমাৰে সমুজ্জল হৈ মানুহে নিশ্চয় দেৱ-দেৱী সকলকো সমানৰ উচ্চ-স্তৰলৈ তুলি দিব। তেন্তে দেৱৰাজ জিউছৰ আপত্তিৰ কাৰণ কি?
এথেনা— দেৱৰাজ জিউছৰ ক্ষমতালৈ বৰ লোভ মহামান্য প্ৰমিথিউছ। তেওঁ ভাবিছে মানুহে জ্ঞান-বিজ্ঞান, শৌৰ্য্য-বীৰ্য্য আদি সকলোতে এদিন হয়তো দেবতাক অতিক্ৰম কৰিব। তেতিয়া হয়তো দেব সম্ৰাটৰ দৃঢ় সিংহাসনো থৰ থৰকৈ কঁপি উঠিব। আৰু জিউছৰ যুগ যুগ ধৰি দেৱ সম্ৰাটহৈ থকাৰ কামনা জানো