পঞ্চপঞ্চাশত্তম সৰ্গ প্ৰস্তাৱিত ৰাজহুৱা সভাৰ জাননীখন পঢ়ি জেপত ভৰাই থৈ ভাবিবলৈ ধৰিলে, সিমান অলপ সময়ৰ ভিতৰত বহালৈ গৈ চাহ-জলপান খাই উঠি কেনেকৈননা নিৰ্ধাৰিত সময়ত সভাত উপস্থিত হওঁগৈ। কিন্তু, নগলেও নহয়, চাপৰিলে মেঘ নেয়, ভাবিবৰ সময় নাই; বেগা- বেগিকৈ বহালৈ গৈ লৰালৰিকৈ চাহ-জলপান খাই, আমতী আইকণ আইদেৱে (মোৰ সহোৰা ভনী, শ্ৰীমান সূৰ্যকান্ত বৰুৱা মুঞ্চিপৰ ভাৰ্যা) তুৰন্তে দিহা লগাই দিয়া সিবিলাকৰ মটৰগাড়ীত অকলশৰীয়াকৈ চৰি পুৰপাৰৰ চেনিকুঠীৰপৰা ওলাই, দীঘলীপুখুৰীৰ দক্ষিণপাৰেদি ঘূৰি পশ্চিম পাৰৰ কমিশ্যনৰ চাহাবৰ অফিচৰ শাৰীত স্থিত ‘কাৰ্জন হল’ৰ সমুখত নামি, মটৰগাড়ীখন ওভতাই পঠিয়াই, ‘হলৰ ভিতৰ সোমাই চাওঁগৈ দেখোন, তাত মানুহ-দুমুহ চপা নাই; মাথোন জনচেৰেক পাঠকে বাতৰি কাকত পঢ়ি আছে। দেখি মনতে ৰং লাগিল, ভাবিলো মোৰ অহাত পলম হোৱা নাই, সভালৈ সমজুৱা অহাই নাই; এই ভাবি, উপলুঙাকৈ হাঁহি, পাঠক ভদ্ৰলোককেজনলৈ চাই শূন্যে শূন্যে সুধিলো, “কতা, সভা এতিয়াও বহা নাইচোন?” কাৰ্জন হলৰ লাইব্ৰেৰীয়ানজনে অলপ তথা লাগি এই বুলি সমিধান দিলে, “কতা, ইয়াতচোন আজি কোনো সভা বহাৰ কথা নাই, থকা হলে মোক আগধৰি জাননী দিয়া হলহেঁতেন।” মই বিচুৰ্তি খাই বিবুদ্ধি হলো। ভাবিলোঁ, সম্ভৱতঃ ইতিমধ্যত ঠাই সলাই, সম্মিলনীৰ সভামণ্ডপতে ‘সংপ্ৰীতি সভা পাতিবলৈ স্থিৰ কৰা হৈছে। এই ভাবি, ততালিকে ওলাই আহি দেখো যে, মোৰ আদেশ অনুসৰি গাড়ীখনো গলগৈ, খোজ কাঢ়ি যাওঁতে পলম হব এতিয়া। এইদৰে উগুলথুগুলকৈ বেগবগিকৈ দীঘলীপুখুৰীৰ উত্তৰপাৰ পাইছেগৈ এনেতে বিপৰীতমুৱাকৈ জনদিয়েক বুজন ছাত্ৰ পশ্চিমমুৱাকৈ ঢপলিয়াই অহাদি আহিব লাগিছে; মোলকা উধাতু খাই বিপৰীতমুখে বেগাবৰ দেখি অলপ বিস্ময় মানি তাৰে এজনে কৌতুহলযুত হৈ সুধিলে, “এইমুখে আপুনি কলৈ যায়?” মই গৈ থকাভাগেই উত্তৰ দিলো,—“সভামণ্ডপলৈ”। আন এজনে মুখ পাতি ধৰিলে, “কিয়? মণ্ডপততত এতিয়া কেও নাই।” মই বিমোৰ হৈ সুধিলো, “কিয়, তাত এতিয়াও প্ৰীতি-সভা বহা নাইনে কি?” শুনি তৃতীয়জনে উত্তৰ দিলে, “মণ্ডপততত নহয়, কাৰ্জন হলত হে বহিছে সেই সভা।” মই তেওঁৰ কথা উপলুঙাকৈ উৰাই দি ‘কাৰ্জন হল’লৈ আঙুলিয়াই কলো, “এইমাত্ৰ মই তাত সভা বহা নাপাইহে মণ্ডপলৈ বেগ ধৰিছে।” মোৰ কথা শুনি, তিনিওটিয়ে সহানুভূতি দেখুৱাই একেশ্বৰে কবলৈ ধৰিলে, “নহয়, নহয়, নতুন কাৰ্জন হলত নহয়; সৌৱা পুৰণি কাৰ্জন হলত’হে সভাত ৰাইজৰ ভীৰ হৈছে। আহক, আমাৰ লগতে আহক, আমিও সেই সভালৈকে আহিছো।” লৰাহঁতৰ কথা শুনি মই অপ্ৰস্তুত হলো। পিচ মুহূৰ্ততে অলপ প্ৰকৃতিস্থ হৈ গমি চালো, সেই কুক্ষণত মোক ‘পৰুৱাই পাই ছলিবলৈ চাইছিলহে নেকি! যিহওক, গমিবৰ সময় নাই, ছেগ বুজি ততালিকে লৰাহঁতৰ লগৰীয়া হলো। সভাঘৰৰ কাষ চাপি দেখোঁগৈ যে বাজে-ভিতৰে দশক-সমজুৱা ভৰি পৰিছে, বিৰ দি বাট পাবলৈ নাই; লৰাহঁতে, মোৰ নাম লৈ, ভিৰ ভাঙি বাট উলিয়াই কোনমতে মোক ভিতৰ সুমুৱাই কাৰ্জন হলৰ উত্তৰ মূৰত, (দক্ষিণ মূৰত সভাপতিৰ আসনৰ বিপৰীতে) এজন সদাশয় সমজুৱাই অনুগ্ৰহকৈ এৰি দিয়া এখন সৰু চৰিত বহুৱালৈগৈ নি। ভৰ পিচ মুহুৰ্ভত এফেৰি সকাহ লৈ
পৃষ্ঠা:Mor Sowarani.djvu/৩৪৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই