পৃষ্ঠা:Mor Sowarani.djvu/৩৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২২ মোৰ সোৱৰণী পোৱাৰ আগতে আইকা আইদেৱে শ্ৰাৰ লাগতিয়াল উপকৰণাদিৰে সৈতে সকলো আয়োজন কৰি থৈছিল; সেই আয়োজনৰ বলেৰেই মই শুভকাৰ্যত যোগ দিলোগৈ। আইতাৰ : ১৮৪৮ শকৰ ৪ ফান, ইং ১৯২৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে লম্ভীদেৱী আইতাৰ আশ্ৰাহ্ম উপলক্ষীয় তিৰভাবৰ তিথি। সেইদিনা পুৱা ৮ বজাত গুৱাহাটী উজানবজাৰ ঘাটৰপৰা নাৱেৰে উমানন্দৰ পাদেদি ব্ৰহ্মপুত্ৰৰ বুকুত ওপঙি ভটায়াই গৈ আৰ-পৰ্বত’ আৰলত অশ্বক্ৰান্ত পুণ্যতীৰ্থ কুণ্ডৰ তীৰত আত্মীয়-কুটুম্ব আৰু জাতিবৰ্গৰে সৈতে (মহিলা জ্ঞাতি শিৱসাগৰ মেচাগড়ৰ প্ৰখ্যাত হেমধৰ বৰগোহাঞি ভাঙৰীয়াৰ বিধৱা সহধৰ্মিনী, ৰাজবাৰী টোলৰ এগৰাকী বিশিষ্টা ৰমণী আৰু আইতাৰ সৰু মাজিউ জীয়েক আইকণ আইদেউ; পুৰুষ জ্ঞাতিৰ ভিতৰত আইতাৰ আদৰৰ সৰু মাজিউ জোঁৱায়েক সূৰ্যকান্ত বৰুৱা মুঞ্চি, তেওঁৰ পুতেক কমলাকান্ত বৰুৱা মুঞ্চিপ, শ্ৰীমান সুৰেন্দ্ৰ- নাথ বুঢ়াগোহাঞিদেৱ প্ৰমুখ্যে সাতজন কলেজীয়া আহোম ছাত্ৰ, এজন বৈষ্ণৱ ভকত, এগৰাকী বৈষ্ণৱী ভকতনী, লগুৱাদি) তীৰ্থযাত্ৰীস্বৰূপে উত্তীৰ্ণ হলোগৈহঁক। সিফালে আগধৰি নিয়োজিত হৈ থকা, শ্ৰী শ্ৰীকমলদেৱ গোস্বামী আউনীআটীয় সত্ৰাধিকাৰ প্ৰভুৰ জিৰণি আশ্ৰমৰ আশ্ৰমী পণ্ডিত ব্ৰাহ্মণ পুৰোহিতজনে যোড়শোপচাৰ যুগুত কৰি লৈ ষ্টুক্ৰিয়া আৰম্ভণলৈ সষ্টম হৈ অপেক্ষা কৰি আছিল। আমি গৈ পোৱা মাত্ৰকে তেখেতে শুভকাৰ্য আৰম্ভ কৰি দিলে। পোন্-প্ৰথমতে মোৰ মুণ্ডনক্ৰিয়াদি সমাপনৰ পাছত, মোক অশ্বক্ৰান্ত তীৰ্থ কুণ্ডত অৱগাহন কৰাই বিশুদ্ধ কৰি লৈ, পুণ্যশ্লোক মন্ত্ৰোচ্চাৰণ কৰাই, পুনৰপি পূৰ্ণ অৱগাহনত মোৰ বৰাই উভয় হাতেদি মাতৃদেৱীৰ পৱিত্ৰ অস্থি আৰু ভস্ম পুণ্য সলিল অশ্বক্ৰান্ত তীৰ্থ কুণ্ডত পৰম সন্তৰ্পণে অৰ্পণ কৰালে। তাৰ পাছত, পুৰোহিতদেৱে ধ্যানদৰ্শন শ্লোক মন্ত্ৰোচ্চাৰণ কৰাই মোক নিৰ্দেশ দিয়া অনুসৰি, মই পুনৰপি অৱগাহিত হৈ, কুণ্ড গৰ্ভত সমাধিস্থ ক্ষণত মোৰ ৰসময়ী ভক্তিৰ পাত্ৰী, মোৰ দহমাহ-দহদিনীয়া জঠৰ ধাৰিণীমাতৃ আইতাৰ জ্বলন্ত দেৱীমূৰ্তি জীৱন্তভাৱে দৰ্শন কৰি পৰম পুলকিত হলো। অহ, সেই অপত্যস্নেহপূৰ্ণ অনুপমা মাতৃমূৰ্তি মোৰ সোঁৱৰণীত আজিও পুণ্যপ্ৰভাৰ স্বৰ্গীয় জ্যোতিৰে জেউতি চৰাই জিলিকি আছে! তাৰ পাছত, তীৰলৈ উঠি তিয়নী সলাই, বিশুদ্ধভাৱে ঘোড়শ-উপচাৰেৰে সুসজ্জিত শ্ৰদ্ধষজ্ঞ আগত লৈ, স্থিৰচিত্ত হৈ কুশাসন গ্ৰহণ কৰিলো। যথাবিধি পিণ্ডদানক্ৰিয়া আৰম্ভ হল। সেই পণ্ডিত পুৰহিতদেৱৰ বিশদ বিধিপাঠ আৰু শ্ৰদ্ধ মন্ত্ৰোচ্চাৰণ এনে বিশদ আৰু সুস্পষ্ট হৈছিল যে, তেখেতৰ মুখৰ প্ৰতি শব্দকে নিৰ্ভজকৈ আওৰাই মই অনুসৰণ কৰিব পাৰিছিলো। সেই অনুক্ৰমে, ভৰ-দুপৰীয়া পুৰ্ণ পয়োভৰকৈ মোৰ পৰম আৰাধনীয়া লম্ভীদেৱী আইতাৰ পুণ্যাত্মাৰ উদ্দেশে এই অভাজনৰ পুত্ৰোচিত পিণ্ডদানক্ৰিয়া সমাধা কৰি উঠি পুলকিত প্ৰাণেৰে অনুপম শান্তি উপভোগ কৰিলে। আদ্যপ্ৰান্ধৰ পিণ্ডদানক্ৰিয়া সমাপনৰ পাছত, মুকলিমূৰীয়া হৈ গৈ অশান্ত পাদত প্ৰতিষ্ঠিত কমলদেৱ গোস্বামী প্ৰভু পুণ্য বিশ্ৰাম আম প্ৰদক্ষিণ কৰি, পুৰোহিতদেৱৰ পৰ্ণকুটীৰত কয়েক বহি গুৱাপানেৰে মুখ্যাদি পৰিতৃপ্ত কৰি উঠি, সকললটি অশান্ত ঘাই মন্দিৰত