পৃষ্ঠা:Mor Sowarani.djvu/২৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৪ মোৰ সোঁৱৰণী .. পুৱা ৮ বজাত ধুবুৰীলৈ যোৱা ৰেল পালেহি। ইনস্পেক্টৰক তাতে এৰি ডাক্তৰৰে সৈতে আমি ৰেলত উঠিলোহি। আহি থাকোতে ৰেলতে এই স্থিৰ হল যে মই ডাক্তৰৰ হাতে দুপৰীয়া ভোজন কৰি ২ বজাত গুৱালপাৰলৈ যোৱা জাহাজত উঠিমগৈ। কাৰ্যত সেয়ে হল। আবেলি ৬ মান বজাত জাহাজ গুৱালপাৰ ঘাট চাপিলগৈ। দেখিলো পাৰত জাতীয় পতাকাধাৰী ভলটিয়াৰৰ ফৌজ এটা। সিবিলাক স্বেচ্ছাসেৱাৰ উদ্দেশ্যে সাজু। একে সময়তে উজনিৰপৰা অহা জাহাজো চাপিলগৈ। তাৰ পাচত ডেলিগেটসকল গিৰ-গিৰ কৈ নামি আহিল। ভলন্টিয়াৰবৰ্গে কুলী-মুটিয়াৰ দৰে কানত, মূৰত ডেলিগেটসকলৰ টালি-টোপালা- বিছনা-গাঠৰি আদি মাল-বন্ত বৈ বৈ নি পাৰৰ বালিত দম কৰিলেগৈ। আমাৰ খন জাহাজত ডেলিগেট কৰ; মুঠেই পাঁচজন মানহে। আমাকে সেইদৰেই নমাই নিয়া হল। তাৰ পাচত ভাগে ভাগে যথা যথা আলহী বহালৈ ভলন্টিয়াৰবৰ্গে পৰম উলাহেৰে মাল কঢ়িয়াবলৈ ধৰিলে। মোৰ টোপোলা-টাপলিও ভলষ্টিয়াৰবৰ্গে তুলি লৈছিল, এনেতে মোৰ বৰজোৱাই গোহাঞিদেৱ মুঞ্চিপৰ মানুহ পালেগৈ। তাৰ পাচত জী-জোৱাইৰ শত ভাগৰ পলুৱাই অলপ জিৰাই-শতাই সন্ধ্যাপ্তৰত ‘পেণ্ডেল’ (সভামণ্ডপ ) চাবলৈ গলো; আৰু গুৱালপৰীয়া ৰাইজৰ বিপুল আয়োজন দেখি পুলকিত হলো। পিচদিনা পুৱাৰপৰা সাহিত্যিক সম্মিলনীয় ২য় বছৰেকীয়া বৈঠকৰ কাৰ্য আৰম্ভ হল। পুৱা ৭ বজাৰপৰা ১১ বজালৈকে সম্মিলনীৰ বৈঠক আৰু দুপৰীয়া ১২ বজাৰপৰা ৰাতিলৈকে অসম এচোচিয়েচনৰ বৈঠক একেটা মণ্ডপতে বহিবলৈ স্থিৰ হৈছিল। এই সাহিত্যিক সম্মিলনীৰ ২য় বৈঠকৰ সভাপতি আছিল যোৰহাটৰ শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা। শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ সম্পাদক আৰু শ্ৰীযুত দেবেশ্বৰ শৰ্মা সহকাৰী সম্পাদক আছিল। মিঃ তৰুণৰাম ফুকন বাৰিষ্টাৰ অসম এচোচিয়েচন বৈঠকৰ সভাপতি আৰু অনৰেল ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা এচোচিয়েচনৰ সম্পাদক আছিল। অনবেল ৰায়বাহাদুৰ ফণিধৰ চলিহা প্ৰমুখ্যে উজনিৰ ভালেমান গণ্য-মান্ত লোক এই দুই বৈঠকত বৰ উলাহেৰে যোগ দিছিলগৈ। মই সেই কেইদিন পুৱাতে উঠি যথাসময়ত বৈঠকৰ মণ্ডপত উপস্থিত হৈছিলোগৈ। তেতিয়া পুহমহীয়া জাৰ। পুৱা ১০ বজালৈকে গুৱালপাৰ টাউনখন কুঁৱলীয়ে ছাতি হয়। মই এই উঠা সততে পলম যদিও সেই কেদিন সোনকালে উঠিবৰ মোৰ আপত্তিলৈ ঠাই নাইকিয়া হৈছিল, ঘাইকৈ এই বাবে যে সেই জাৰত, সেই কুঁৱলী ভাজি নিতৌ এমাইল বাটৰ পৰা বুঢ়া ৰায়বাহাদুৰ ফণিধৰ চলিহা ডাঙৰীয়াই উভতি যোৱাদি গৈ আকৌ সেই বাটেদিয়েই মোক মই থকা বহাৰপৰা সভামণ্ডপলৈ উলিয়াই আনিছিলগৈ। অসম এচেচিয়েচনৰ বৈঠকত ষোগ দিবলৈ মোৰ সময় আৰু সুবিধা নহৈছিল, আৰু তাত সহযোগিতা নিদিয়াৰৰ এটা ডাঙৰ কাৰণ আছিল। সাহিত্যিক-সন্মিলনীৰ বৈঠকৰ শেহৰ দিনা, সামৰণিৰ আগতে মই অসম সাহিত্য সভাৰ আৰ্থিক অৱস্থা টনকিয়াল কৰা বিষয়ক এটা উদ্দীপক বক্তৃতা দিবলৈ আহত হৈছিলো। ঈশ্বৰৰ ইচ্ছত সেই বক্তৃতা শুনি উপস্থিত সমজুৱাসকলৰ এনেদৰে গা উঠিছিল যে তেতিক্ষণে ভালেমানে লিখিত প্ৰতিশ্ৰতিৰে আৰু স্থানীয় সমজুৱাসকলে সভাৰ