bo মোৰ জীৱন সোৱৰণ চাহখেতিৰ নিমিত্তে উপযোগী নহয়। বৰ ককাইদেৱে তাতে চাহখেতি কৰি তাক চাহ বাগিছাত পৰিণত কৰিবলৈ বিচাৰিছিল, আৰু কিছুদৰ কতকায্যও হৈছিল। তেও প্ৰায় দিনৌ দুপৰীয়া ঘৰৰ পৰা খোঙ্গ- কাঢ়ি বাগিছালৈ গৈছিল, আৰু গধূলি সেইদৰে খোজকাঢ়ি আহিছিল ঘৰৰ পৰা বাগিছা প্ৰায় তিনি মাইলমান দূৰত, তেওঁ উভতি আহোতে ডাঙৰীয়া শ্ৰীযুত গঙ্গা গোবিন্দ ফুকনৰ ঘৰত সোমাই মেল-পাতি অহাটো তেওঁৰ নিত্যকৰ্মৰ নিচিনা হৈছিল। ফলত সেই দেখি দিনৌ ঘৰ পাওঁতে ৰাতি দুপৰ হৈছিল তেওঁ নহালৈকে তেওঁৰ ঘৈণীয়েক বোৱাৰীয়েক আৰু আই দুজনে ভাত নাই তেওঁলৈ খাপ লৈ বহি থকা দৃশ্যটো অতি কষ্টকৰ হৈ পৰিছিল। দেউতাই আৰু আইসকলে তেওঁক কৈ কৈ নিজৰ কষ্ট নাইও তেওঁৰ এই বেয়া অভ্যাসটো এৰুৱাৰ নোৱাৰিছিল। দেউতাই ঘোৰাত উঠিবলৈ বৰ ভাল পাইছিল। সদায় দেউতাৰ থোৰা-শালত ভুটীয়া ঘোৰা এটা বন্ধ থাকিছিল। বাস্তবিকতে দেউতা এজন পকা ধোৰ-চোৱাৰ আছিল। ঘোৰাত উঠি দেউতাইও দুদিন- এদিন অন্তত সিংদুৱাৰ বাগিছালৈ কাম চাবলৈ গৈছিল। এদিন তেও বাটতে ঘোৰাৰ পৰা পৰি তেওঁৰ ভৰি এটা ভগৰ নিচিনা হল। সেইদিনাৰ পৰা সকলোৱে কৈ-মেলি তেওঁক এই বুঢ়া বয়সত হোত উঠা একবালে। দেউতাৰ পুৰণি বৰণৰ ডাঙৰ বাগ এখনো আছিল; কি লি সায় অব্যহাব্য নৱাত পৰি আছিল। সেই বাগৰ এটা ইতিহাস এইখিনিতে কও। দেউতা তেজপুৰত মুনচে হৈ থাকোতে এদিন ৰামদয়াল নামেৰে এজন অসমীয়া ডাক্তৰে দেউতাৰ বোৰ- গাঢ়ী পূৰি লৈ “হাৱা খৰলৈ গৈ গাড়ী বোৰ একেবাৰেই পুত্ৰত পেলাই দিলে। যোৰাটো মৰিল, ডাক্তৰে পানীত পৰাৰ আগতে বাপ মাৰি ৰিৰ একলা দাল গাড়ীতে ৰৈ কোনোমতে ৰা পৰিল।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই